ভুৱা প্ৰমাণপত্ৰৰে চাকৰি : অসমত হাজাৰ হাজাৰ টেট শিক্ষকৰ নথি পুনৰীক্ষণৰ নিৰ্দেশ চৰকাৰৰ




টেট উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰৰে শিক্ষকৰ চাকৰি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে দিছপুৰ। শিক্ষা বিভাগে তেনে অযোগ্য শিক্ষকক বাছি উলিয়াবলৈ টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে।

সেই অনুসৰি, হাইস্কুল, হাইমাদ্রাছা আৰু হায়াৰ ছেকেণ্ডাৰীত নিযুক্তি লাভ কৰা টেট উত্তীৰ্ণ শিক্ষকৰ প্রমাণপত্রসহ সকলো নথি–পত্র পুনৰীক্ষণ হ'ব।


এই সন্দৰ্ভত ইতিমধ্যে মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে যাৱতীয় তথ্য দাখিল কৰিবলৈ বিদ্যালয় পৰিদর্শকসকলক

নির্দেশ দিছে৷ নিৰ্দেশটোত ২০১৬–১৭ বর্ষৰ পৰা ২০২০–২১ বর্ষলৈকে নিযুক্তি লাভ কৰা মুঠি ৫,৫৯২গৰাকী শিক্ষকক তথ্য দাখিল কৰিবলৈ কোৱা হৈছে৷ ইয়াৰ ভিতৰত ২০১৬–১৭ বর্ষৰ ৪৪জন, ২০১৭–১৮ বর্ষৰ ৩৩৭জন, ২০১৮–১৯ বর্ষৰ ১০৪জন আৰু ২০২০–২১ বর্ষৰ দুজন স্নাতক শিক্ষক আছে৷ তদুপৰি পৰীক্ষণৰ বাবে তথ্য বিচৰা স্নাতক শিক্ষকৰ সংখ্যা হৈছে ৫,১০৫জন৷ শিক্ষামন্ত্রীৰ অনুমতি লাভ কৰাৰ পাছতে এই শিক্ষকসকলৰ নথি–পত্র পৰীক্ষণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷


উল্লেখ্য যে ইয়াৰ পূর্বে বিটিচিত কেইবাজনো শিক্ষকে টেট উত্তীৰ্ণৰ ভুৱা প্রমাণপত্রৰে চাকৰি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছিল৷

9 views0 comments