যোৰহাট কাণ্ড : অনিমেষৰ পৰিয়াললৈ ৫ লাখ টকা সাহায্য ঘোষণা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ




যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত বৰ্বৰোচিত হত্যাকাণ্ডটোক কঠোৰ ভাষাৰে নিন্দা কৰি ঘটনাটোৰ সৈতে জড়িতক ৰেহাই দিয়া নহ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত তেওঁ কয়-'যোৰহাটত কালি দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা এক অবাঞ্ছিত তথা শোকাৱহ ঘটনাত অনিমেষ ভূঞা নামৰ উদীয়মান যুৱকজনে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাত গভীৰভাৱে মৰ্মাহত হৈছোঁ৷'


সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক দিয়া বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে ঘটনাত জড়িত বুলি চিনাক্তসকলক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে৷ ফাষ্টট্ৰেক আদালতত দোষীৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশনা দিছোঁ৷ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক ঘটনাৰ তদন্ত ব্যক্তিগতভাৱে তদাৰক কৰি এমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ৷


ইফালে, অনিমেষ ভূঞাৰ গৃহত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে যোৱা বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-'আমাৰ চৰকাৰৰ হৈ সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে আৰু অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ এই কৰুণ সময়ত ঘটনাত নিহত অনিমেষ ভূঞাৰ পৰিয়ালক আমাৰ চৰকাৰৰ তৰফৰ পৰা অত্যন্ত বিনম্ৰতাৰে ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰা হ'ব৷

2 views0 comments