প্ৰসংগ যোৰহাট কাণ্ড : মৃত্যু যেতিয়া উছৱ হয়



বেছি বছৰ হোৱা নাই। হায়দৰাবাদত এগৰাকী যুৱতীক ধৰ্ষণ কৰি বৰ্বৰতাৰ সীমা চেৰাই হত্যা কৰিছিল কেইটামান নৰপিশাচে। ঘটনাটোত অভিযুক্ত চাৰিজনক হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰোঁতে অধিক সময় ব্যয় কৰা নাছিল। দক্ষতা আৰু বিচক্ষণতাৰ পৰিচয় দি আৰক্ষীয়ে কম সময়ৰ ভিতৰতে চাৰিওকে গ্ৰেপ্তাৰ কৰে। আচল ঘটনাটো ঘটে তাৰে পিছতহে। যেতিয়া সমগ্ৰ ভাৰতবাসীয়ে গম পালে যে চাৰিওজন অভিযুক্ত আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছে লগে লগে দেশজুৰি আৰম্ভ হ’ল মহাউদযাপন। চাৰিওটা নৰাধমৰ মৃত্যুৰ সংবাদটো যেন উছৱৰ বতৰাহে আছিল। স্বতঃস্ফূৰ্তভাৱে লোক ৰাস্তালৈ ওলাই আহিল। হায়দৰাবাদৰ ছবি আৰু সুকীয়া। দুহেজাৰ লোক সংঘৰ্ষস্থলীত উপস্থিত হৈ হায়দৰাবাদ আৰক্ষীৰ জয়ধ্বনি দিয়ে। কি যে পৰিৱেশ। ধৰ্ষিতাই বাস কৰা অঞ্চলটোত জনসাধাৰণে মিঠাই বিতৰণ কৰিলে। ফটকা ফুটাই আনন্দৰ ভাগ-বাটোৱাৰা কৰে। আৰক্ষীৰ জিন্দাবাদ ধ্বনিত চৌদিশ মুখৰ হৈ পৰে। টুইটাৰত তিনি লক্ষাধিকে উছৱ পালন কৰিলে। আৰক্ষীক বা বা দি উৎসাহিত কৰে। অনুৰূপ পৰিৱেশৰ সৃষ্টি নহ’লেও অসমতো বুধবাৰৰ দিনটোত দেখা গ’ল এটা মৃত্যুক লৈ উছৱসদৃশ পৰিৱেশ। যোৰহাটত ফটকা ফুটিল। কোনো কোনোৱে মিঠাই বিতৰণ কৰিলে। ৰাজ্যখনৰ অন্যান্য অংশৰ পৰাও উছৱসদৃশ পৰিৱেশৰ খবৰ আহিল। সামাজিক মাধ্যমত দুৰ্ঘটনাত পতিত বাহনখনৰ চালকক দুৰ্ঘটনাটোৰ বাবে ধন্যবাদ জনোৱা হ’ল। আৰক্ষীৰো জিন্দাবাদ ধ্বনি দিয়া হ’ল। কাৰণ ক’লা ল’ৰা মৰিল। দুৰ্ঘটনাত অসমত প্ৰতিদিনে বহু লোকৰ মৃত্যু হয়। কিন্তু ক’লা ল’ৰাৰ মৃত্যু অসমৰ বাবে বিশেষ আছিল। কাৰণ যোৰহাটৰ ৰাজপথত অনিমেষ ভূঞা নামৰ ছাত্ৰনেতাজনক মৰিয়াই মৰিয়াই হত্যা কৰা নৰপিশাচৰ দলটোৰ চৰ্দাৰ আছিল ক’লা ল’ৰা ওৰফে নীৰজ দাস। নিৰ্মম হত্যাকাণ্ডটোৰ দৃশ্য ৰাজ্যখনৰ জনসাধাৰণে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষ কৰিছিল। এজন নিৰ্দোষী যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰা অপৰাধীৰ চৰ্দাৰজনৰ প্ৰতি সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণত প্ৰচণ্ড ক্ষোভ আৰু বুজাব নোৱাৰা খঙৰ সৃষ্টি হৈছিল। তথাপি প্ৰশ্ন উঠে- এজন মানুহৰ মৃত্যু জনগণৰ বাবে কিয় উদযাপনৰ কাৰণ হৈ পৰে?


ক’লা ল’ৰাৰ মৃত্যুৱেই হওক বা হায়দৰাবাদত আৰক্ষীৰে এনকাউণ্টাৰ নিহত ধৰ্ষণত অভিযুক্ত চাৰিজন, সকলোৰে ক্ষেত্ৰত ঈশ্বৰত বিশ্বাসী মানুহৰ মনত এটাই প্ৰাৰ্থনাৰ মিল আছিল। সেইটো হ’ল, তেওঁলোকৰ শীঘ্ৰে মৃত্যু কামনা। সামাজিক মাধ্যমত হাজাৰ হাজাৰ লোকে প্ৰ্ৰাৰ্থনাটো মুকলিকৈয়ে কৰিছিল। ক’লা ল’ৰাৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতো অনেকে সামাজিক মাধ্যমক দ্বিধীহীনভাৱে কৈছিল, এটা প্ৰাৰ্থনা ভগৱানে শুনিলে। ইয়াৰ পৰা জনসাধাৰণে তেনে দুৰ্ধৰ্ষ অপৰাধীৰ তাৎক্ষণিক শাস্তি হোৱাটো কামনা কৰে। অনেকে চৰম শাস্তি পোৱাটো বিচাৰে। ওচামা বিন লাডেনৰ মৃত্যুৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা ঘটিছিল। বিশ্বত্ৰাস ইছলামিক জেহাদীটো নিধনৰ ২৪ ঘণ্টা নৌহওঁতেই আমেৰিকাৰ বজাৰলৈ লাডেনৰ নামত টি-চাৰ্ট আহে। মুহূৰ্তৰ ভিতৰতে সেই টি-চাৰ্টে বজাৰ দখল কৰি লয়। অৱশ্যে মানুহৰ মনোজগতখনক লৈ ই এটা ব্যৱসায় আছিল। ভাৰতত ক’লা ল’ৰাৰ দৰে মানুহৰ মৃত্যু উদযাপনৰ কাৰণ হৈ পৰে মূলতঃ ন্যায়িক ব্যৱস্থাটোৰ দু্ৰ্বলতাৰ বাবে। ইয়াৰ বাবে কিন্তু বিচাৰকসকল জগৰীয়া নহয়। এইখন দেশত বিচাৰ ব্যৱস্থাটোৰ আন্তঃগাঁথনি ্কল্পনীয়ভাৱে দুৰ্বল আৰু অভাৱগ্ৰস্ত। যাৰ বাবে আদালতে আদালতে লাখ লাখ গোচৰ বছৰ বছৰ ধৰি পৰি থাকে। মানৱ সম্পদৰ অভাৱত গোচৰবোৰৰ নিস্পত্তি সম্ভৱপৰ হৈ নুঠে। ইয়াৰে সুযোগত অপৰাধীয়ে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহি বীৰদৰ্পে ঘূৰি ফুৰে। তদুপৰি, আৰক্ষীৰ হেমাহিৰ বাবে আন কোনো কাৰণতে হওক, দুৰ্বল অভিযোগনামাৰ বাবেও অপৰাধী আইনগত শাস্তি লাভৰ পৰা সাৰি যায়। এনে দৃশ্য দেখি বহু লোকে ভিতৰি ভিতৰি অসহায়বোধ কৰে। ক’ব নোৱাৰাকৈয়ে ব্যক্তিজন তেনে অপৰাধীৰ চৰম শাস্তিৰ বাবে এটা প্ৰাৰ্থনা হৈ পৰে। সময়ৰ গতিত ই এজনৰ পৰা আনজনৰ মনলৈ বিয়পি পৰে। লাহে লাহে অপৰাধীৰ বিৰুদ্ধে ঘৃণা এটা সমূহীয়া প্ৰাৰ্থনা হৈ পৰে। হায়দৰাবাদত সংঘটিত নৃশংস ঘটনাটোও তেনে ধৰণৰ এটা সামূহিক প্ৰাৰ্থনাৰ নজিৰ। মানুহৰ মনৰ পৰা আইন আৰু বিচাৰ প্ৰক্ৰিয়াটোৰ ওপৰত আস্থা আৰু ভৰসা কমি গ’লে তাৎক্ষণিক বিচাৰ অৰ্থাৎ এনকাউণ্টাৰ বা ক’লা ল’ৰাৰ মৃত্যুৰ দৰে ঘটনাবোৰ স্বতঃস্ফূৰ্তভাৱে উছৱত পৰিণত হয়। এখন ৰাষ্ট্ৰৰ বাবে এইটো সুখকৰ কথা নহয়। ইয়ে শাসন ব্যৱস্থাটোক জনসাধাৰণৰ প্ৰতিকুলেও নিয়াৰ শংকা থাকে। সেয়ে চৰকাৰে এইবোৰত ভালদৰে চকু দি ন্যায়িক বিচাৰ ব্যৱস্থাটোক শক্তিশালী কৰি তুলিবলৈ ব্যৱস্থা হাতত ল’ব লাগে। উছৱৰ দৰে পৰিৱেশ যদি সৃষ্টি হয়, সেইটো আদালতে এজন অপৰাধীক শাস্তি বিহোঁতে দিয়াৰ সময়ত হ’ব লাগে। ইয়াৰ বাবে বিচাৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰাৰ বিকল্প নাই।

3 views0 comments