যোচেফৰ মৃত্যু : এইবাৰ ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে হত্যাৰ গোচৰ





মাতাল অৱস্থাত গাড়ী চলাই ৮জন শ্ৰমিকক মহটিয়াই নিয়া ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে। বুধবাৰে পুৱা যোচেফ মাৰাক নামৰ দুৰ্ভগীয়া শ্ৰমিকজনৰ মৃত্যু হোৱাত মডেলগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰত আইপিচিৰ নতুন ধাৰা সংযোজিত হ'ব। দুৰ্ঘটনাটোৰ বাবে যোচেফৰ দুয়োখন ভৰি কটা গৈছিল। আজি তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। যোচেফৰ মৃত্যুৰ সৈতে দুৰ্ঘটনাটো সম্পৰ্কিত হৈ থকাত ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰত হত্যাৰ ধাৰা সংযোজিত হোৱাৰ সম্ভাৱনা আছে।





উল্লেখ্য যে কয় অভিযুক্ত ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ৰুজু হৈ আছে তিনিটা গোচৰ। গোচৰ তিনিটাত বিভিন্ন ধাৰা সংযোজন হৈছে। দিছপুৰ থানাৰ 3616/21নং গোচৰত আইপিচিৰ 279/338/294/353/308/326নং ধাৰা সন্নিৱিষ্ট হৈ আছে। তাত নতুন ধাৰা সন্নিৱিষ্ট হ’ব 304নং ধাৰা।


ধাৰাটোত আছে দুটা ভাগ। যদি কোনো ব্যক্তিয়ে মৃত্যু ঘটোৱাৰ মানসিকতাৰে যদি এনেধৰণৰ দুৰ্ঘটনা সংঘটিত কৰে তেন্তে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে আৰু যদি তেনে মানসিকতা তেনে মানসিকতা নাৰাখি প্ৰকৃততে দুৰ্ঘটনাৰ বাবেই হয় তেন্তে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।

7 views0 comments