মাতাল ৰাজকন্যাৰ গাড়ীয়ে মহটিয়াই নিয়া যোচেফৰ জিএমচিএইচত মৃত্যু




মাতাল ৰাজকন্যা বৰুৱাই চলোৱা তীব্ৰবেগী গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা যোচেফ মাৰাকৰ বুধবাৰে পুৱা মৃত্যু হয়। দুৰ্ঘটনাটোত যোচেফে দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল। তেওঁৰ বুধবাৰে অৰ্থাৎ আজি পুৱা ৫.৩০ মান বজাত হঠাৎ হৃদৰোগৰ জটিলতাত ভোগে। তেওঁক লগে লগে আইচিইউত ভৰ্তি কৰোৱা হয়। আইচিইউত তেওঁৰ শাৰিৰীকভাৱে কিছু উন্নতি ঘটিছিল যদিও শেষ ৰক্ষা নহ'ল। পুৱা ১০ বজাত মাৰাকৰ মৃত্যু হয়। মাৰাকৰ ঘৰ মেঘালয়ত। অতি দৰিদ্ৰ মাৰাকৰ সৈতে হাস্পতালত দুই পুত্ৰ আছে। আজি মৃতদেহটো পুত্ৰৰ সৈতে মেঘালয়লৈ প্ৰেৰণ কৰা হ'ব।


ঘটনা সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই সাংবাদিকক কয় যে যোৱা ২ অক্টোবৰৰ নিশা তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে। তেতিয়া তেওঁৰ বাওঁভৰিখন ছিঙা অৱস্থাত আছিল। সোঁভৰিৰ হাড় প্ৰায় গুড়া হৈ আছিল। ফলত দুয়োখন ভৰি কাটিবলগীয়া হয়। হাস্পতালত তেওঁ সুস্থ হৈ উঠিছিল। ২১ অক্টোবৰত তেওঁৰ পৰৱৰ্তী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ চিকিৎসা এটা হয়। তাৰ পিছত কৃত্ৰিম ভৰি লগোৱাৰ কথা আছিল। কিন্তু আজি হঠাতে হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হয় আৰু মৃত্যুক আঁকোৱালি লয়।

1 view0 comments