'জাষ্টিচ ফৰ দ্য জাজ' আৰু এনআৰচিৰ কিছু ক'লা অধ্যায়




'এনআৰচিৰ কাম-কাজ পৰা আঁতৰাই পঠিওৱাৰ উদ্দেশ্যে মোৰ বিৰুদ্ধে যৌন নিগ্ৰহৰ অভিযোগ উত্থাপন কৰা হৈছিল।'- এই বিস্ফোৰক অভিযোগ ৰাজ্যসভাৰ সদস্য তথা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। 'জাষ্টিচ ফৰ দ্য জাজ' নামৰ আত্মজীৱনীখনত গগৈয়ে এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থকা সময়ত লাভ কৰা অভিজ্ঞতাৰ বৰ্ণনা কৰিবলৈ গৈ এই অভিযোগ কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমত এনআৰচিৰ উন্নীতকৰণ হৈছিল বা হৈ আছে উচ্চতম ন্যায়ালয়ৰ তদাৰকত। কিন্ত প্ৰক্ৰিয়াটোৱে সমগ্ৰ দেশখনৰ ৰাজনীতি বহু দিন উত্তাল কৰি ৰাখিছিল। আজিও ৰাজনৈতিক দ্বন্দ্বটোৰ অৱসান ঘটা নাই। ই গৰম এটা নিৰ্বাচনী ইছ্যু হৈয়েই আছে। বিৰোধীয়ে শাসকক আৰু শাসকে বিৰোধীক ঘায়েল কৰিবলৈ অস্ত্ৰপাট ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। স্বাভাৱিকতে এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত কি কি ঘটিছিল, সেইটো অনেকৰ বাবে কৌতূহলৰ বিষয় হৈ আছে। তদুপৰি ভিতৰৰ বহু কথাই ৰাজনৈতিক ধুমুহা অনাৰো সম্ভাৱনা কঢ়িয়াই আনে।


প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে কিতাপখনত এনআৰচিৰ বাবে স্বাৰ্থজড়িত মহলে কিদৰে ন্যায়িক ব্যৱস্থাটোক নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছিল, সেই কথা উল্লেখ কৰিছে। ইয়াত তেওঁ কেন্দ্ৰীয় চৰকাৰকো এৰা নাই। কংগ্ৰেছৰ পৰাও পোৱা অসুবিধাৰ কথা স্পষ্টকৈ লিপিবদ্ধ কৰিছে। তেওঁ কয় যে এনআৰচিৰ উন্নীতকৰণ প্ৰক্ৰিয়াটো লেহেমীয়া কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তেওঁৰ ওপৰত চাপৰ সৃষ্টি কৰিছিল। তদুপৰি প্ৰক্ৰিয়াটোত নিজৰ প্ৰভাৱ পেলোৱাৰ প্ৰয়াস চলাইছিল তদানিন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।


প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনীখন ইতিমধ্যে প্ৰকাশ পাইছে। তাত তেওঁ লিখিছে, কেন্দ্ৰই এনআৰচিৰ উন্নীতকৰণ দ্ৰুতগতিত হওক, সেইটো কোনো কাৰণতে বিচৰা নাছিল। বৰং তেওঁক ধীৰে ধীৰে কাম কৰিবলৈ কোৱা হৈছিল। দেশৰ এগৰাকী শীৰ্ষ আমেলা তেওঁৰ ঘৰলৈ আহি আকাৰে-ইংগিতে সেই কথা বুজাই দিছিল। তেওঁক বুজোৱা হৈছিল যে ছুপ্ৰিম ক'ৰ্টৰ তদাৰকত চলা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত যেন লৰালৰি কৰা নহয়। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে এই ক্ষেত্ৰত কয়, "মই আচৰিত হৈ পৰিছিলোঁ। কিন্তু নিজৰ বিচাৰ বা সিদ্ধান্তক বাহিৰৰ কাৰোৱেই হস্তক্ষেপ পছন্দ নকৰো, সেইটো স্পষ্ট আৰু ভদ্রভাৱে আমলাজনক জনাই দিছিলোঁ।” তেওঁৰ দাবী, ৰাজ্য প্রশাসনৰ তৰফৰ পৰাও এনআৰচিৰ কামত বাধা আহিছে।


প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিৰুদ্ধেও অভিযোগ আনিছে। তেওঁ কয়, গুৱাহাটী হাইক'র্টৰ প্রধান বিচাৰপতি থকাকালীনত এজন কনিষ্টবলৰ ক্ষেত্রত গোচৰটোৰ ৰায় ৰাজ্য চৰকাৰৰ পক্ষে দিবলৈ প্রভাৱ খুওৱাৰ চেষ্টা চলাইছিল তৎকালীন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। ৰঞ্জন গগৈ লিখিছে, জীৱনত এই দুবাৰেই এইদৰে বাহিৰৰ চাপৰ মুখত পৰিবলগীয়া হৈছিল।


যৌন নিগ্রহৰ অভিযোগ সম্পৰ্কে আত্মজীৱনীত লিখিছে, বিচাৰ সংক্রান্তীয় কাম-কাজপ পৰা তেওঁক আঁতৰোৱাৰ চক্ৰান্ততে সেই অভিযোগ তোলা হৈছিল।

6 views0 comments