কাৰণ এনাস্থেচিয়া : আমেৰিকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিৰ গৌৰৱ অৰ্জন কমলা হেৰিছৰ




আমৰিকা যুক্তৰাষ্ট্ৰত নতুন ইতিহাস ৰচনা কৰি দেশখনৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ সন্মান অৰ্জন কৰে কমলা হেৰিছে । এটা বিশেষ পৰিস্থিতিত তেওঁ প্ৰায় এঘণ্টাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি পদ লাভ কৰে।

দেশখনৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ অসুস্থতাৰ বাবেই এই ক্ষমতা লাভ কৰে কমলা হেৰিছৰ।



উল্লেখ্য যে অসুস্থতাৰ হেতু বাইডেনক চিকিৎসাৰ সময়ত প্ৰদান কৰা হৈছিল এনাস্থেছিয়া। এনাস্থেছিয়া দিয়াৰ বাবে অচেতন হৈ পৰিছিল ৰাষ্ট্ৰপতি বাইডেন। সেয়েহে ১ ঘণ্টা ২৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হৈছিল উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছলৈ।



হোৱাইট হাউছৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে ৰাষ্ট্ৰপতি বাইডেনৰ ৭৯ বছৰীয়া জন্মদিনৰ পূৰ্বে নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত সাময়িকভাৱে বিয়লি ৩. ১০ বজাৰ পৰা ৪.৩৫ লৈ ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হৈছিল কমলা হেৰিছক। এনদৰে এগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা ভোগ কৰা কাৰ্য আছিল আমেৰিকাৰ ইতিহাসত প্ৰথম ঘটনা।

54 views0 comments