কৃষি আইন বাতিলৰ সিদ্ধান্তত কংগনা ৰানাৱট : ক'লে- মুঠেও ভাল নহ'ল




তিনিখন কৃষি আইন বাতিলৰ দাবীত নতুন দিল্লীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি থকা কৃষকৰ ওচৰত নতি স্বীকাৰ কৰি কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত আইন তিনিখন প্ৰত্যাহাৰ কৰা হ'ব বুলি আজি ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণাত সুখী হ'ব পৰা নাই বলীউড অভিনেত্ৰী কংগনা ৰানাৱট। তেওঁৰ মত- 'খুবেই দুঃখজনক। লজ্জাজনক আৰু মুঠেও ভাল নহ'ল। চৰকাৰক অমান্য কৰি এইদৰে যদি পথৰ লোকে আইন প্ৰণয়নত নামি পৰে, তেওঁলোক দেখো জেহাদীৰ দৰেই।'


ইফালে, কংগনাৰ মন্তব্যটো ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ মাজত আৰম্ভ প্ৰতিক্ৰিয়া। কোনোৱে তেওঁক সমালোচনাৰে থকা-সৰকা কৰে। কোনো আগুৱাই আহে সমৰ্থন কৰিবলৈ। মুঠতে গৰম হৈ উঠিছে ছচিয়েল নেটৱৰ্ক।

3 views0 comments