প্ৰধানমন্ত্ৰীৰ 'মন কী বাত'ত অসমৰ কণিকা তালুকদাৰ





অসমৰ বাবে সুখবৰ । বিটিএডি অঞ্চলৰ বাসিন্দা কণিকা তালুকদাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহিলী ৰেডিঅ' শ্ব' "মন কী বাত"ৰ নৱেম্বৰ ২০২১-ৰ বাবে নিৰ্বাচন কৰা হৈছে । এই শ্ব'টো ইতিমধ্যে ১১ বজাত সম্প্ৰচাৰিত হৈছে, য'ত প্ৰধানমন্ত্ৰী মোডীয়ে কণিকাৰ কাহিনী সকলোকে শুনাব । উল্লেখ্য যে কণিকা তালুকদাৰ হৈছে নলবাৰী জিলাৰ বৰমাস্থিত জৈৱকীটনাশক আৰু জৈৱসাৰৰ লগত জড়িত এক ষ্টাৰ্ট-আপ 'জয়তু অৰ্গেনিক প্ৰডাক্তছ এলএলপি'ৰ প্ৰতিস্থাপক । তেওঁৰ জীৱন অত্যন্ত সংঘৰ্ষময় আছিল কিয়নো তেওঁ অতি কম বয়সতে নিজৰ গিৰীয়েকক হেৰুৱাইছিল যিয়ে তেওঁক পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী হবলৈ বাধ্য কৰাইছিল । এক সীমিত আনুষ্ঠানিক শিক্ষাৰ ফলত এটা চাকৰি পোৱাটো তেওঁৰ বাবে জটিল আছিল, কিন্তু সেই সময়ত আৰম্ভ কৰা তেওঁৰ কৃষি ষ্টাৰ্ট-আপত আজি দহজনকৈ ব্যক্তি জড়িত । তেওঁৰ উৎপাদনবোৰৰ ভিতৰত ৱাৰ্মীকম্পষ্ট, ৱাৰ্মীৱাছ আদিও আছে যিবোৰ ই-কমাৰ্চ ছাইটবোৰতো উপলব্ধ । তেওঁ আনকি কৃষি আৰু সংবদ্ধ ক্ষেত্ৰৰ কামকাজৰ বাবে থকা এক যোজনা 'ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা'লৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছে । কণিকা তালুকদাৰ এগৰাকী কঠোৰ পৰিশ্ৰমী উদ্যোগী আৰু জাৱৰৰ পৰা ধন(waste to wealth)-ৰ ক্ষেত্ৰত তেওঁ উল্লেখনীয় কাম কৰি আহিছে । তেওঁৰ যাত্ৰাই 'উদ্যোগ'ক গভীৰভাৱে লবলৈ বহু মহিলাক অনুপ্ৰাণিত কৰিব ।

7 views0 comments