কৰিমগঞ্জ ট্ৰেজেডী : মৃতকৰ পৰিয়ালক ১ লাখ টকাকৈ দিব ৰাজ্য চৰকাৰে




কৰিমগঞ্জৰ বৈঠাখালত বৃহস্পতিবাৰে পুৱা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিয়াললৈ ১ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আজি নতুন দিল্লীৰ পৰাই এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


উল্লেখ্য যে ঘটনাটোত এটা পৰিয়ালৰ ৪জন সদস্যসহ ১০জন লোকৰ শোকাৱহভাৱে মৃত্যু হয়। তেওঁলোক হৈছে- দুজা বাই পাণিকা, চাজু বাই পাণিকা, গৌৰৱ দাস পাণিকা, চম্ভু দাস পাণিকা, লালন গোস্বামী, পূজা গ্ৰহ, দেৱ গ্ৰহ, চানু ৰি, মংগী কৰ্মকাৰ আৰু টুপু কৰ্মকাৰ। মৃত ১০জনেই পাথাৰকান্দি সমষ্টিৰ লংগাই চাহ বাগিছাৰ শ্ৰমিক।

5 views0 comments