কৰিমগঞ্জ ট্ৰেজেডী : কেঁকুৰি এটাৰ পৰা অটোখন বহু দূৰ চোঁচৰাই নিছিল ট্ৰাকখনে




কৰিমগঞ্জৰ বৈঠাখালত বৃহস্পতিবাৰে অৰ্থাৎ আজি পুৱা সংঘটিত ভয়াৱহ দুৰ্ঘটনাটোত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ টুইটাৰযোগে ঘটনাটোত শোক ব্যক্ত কৰে।


ইফালে, শেহতীয়াকৈ ঘটনাটোৰ বিষয়ে অধিক তথ্য পোৱা গৈছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলে লঙাই‌ নৈত ষঠ্ পূজা শেষ ‌কৰি ঘৰলৈ উভতিছিল। পুৱা  ৮ মান বজাত‌ বৈঠাখাল‌ত দ্ৰুতগতিত অহা ট্ৰাকখনে এপি অটোখনক মহটিয়াই থৈ যায়। অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত কেঁকুৰি এটা লওঁতে বেপৰোৱা চালকজনে ট্ৰাকখনেৰে প্ৰচন্ড জোৰেৰে অটোখনক খুন্দা মাৰি বহু দূৰ চোঁচৰাই লৈ যায়। ৰাষ্ট্ৰীয় পথছোৱাত সিঁচৰতি হৈ পৰে মৃতদেহ। ঘটনাস্থলীত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়।





শোকাৱহ পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোককেইগৰাকী হৈছে- দুজাবাই পানিকা, শালুবাই পানিকা, গৌৰৱ দাস পানিকা, লালন গোস্বামী, শম্ভূ দাস পানিকা, পূজা গোড়, দেৱ গোড়, মংগলী কৰ্মকাৰ, তপু কৰ্মকাৰ আৰু সোনু ৰি।

4 views0 comments