কাশী বিশ্বনাথ ধাম : টোডৰমলৰ পৰা অহল্য বাঈ নৰেন্দ্ৰ মোদীলৈ





সম্ভৱতঃ ১৪৯০ চনত কাশী বিশ্বনাথ মন্দিৰটো প্ৰথমবাৰ স্থাপন কৰা হৈছিল। কিন্তু মোগলৰ শাসনকালত মন্দিৰটো কেইবাবাৰ ধ্বংস কৰা হয়। ঔৰংগজেবে মন্দিৰটো দ্বংস কৰি তাত এটা মচজিদ স্থাপন কৰে। তাৰে ১২৫ বছৰধৰি মন্দিৰটোৰ কোনো অস্তিত্বই পোৱা হোৱা নাছিল। ১৭৩৫ চনত ইন্দোৰৰ মহাৰাণী দেৱী অহল্যা বায়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। বিশ্বাস অনুসৰি, ওৰংগজেবে মন্দিৰটো ধ্বংস কৰাৰ সময়ত মহাদেৱে নিজেই শিৱলিংগটো জ্ঞানবাপীৰ কুঁৱা এটাত লুকুৱাই ৰাখিছিল।


সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ ধাম কৰিডৰৰ নতুন দিব্য ভব্য ৰূপটো মুকলি কৰে। ইয়াৰ পূৰ্বে প্ৰায় ৩২ মাহ ধৰি কৰিডৰটো নিৰ্মাণৰ কাম চলিছিল। প্ৰচলিত নীতি অনুসৰি, গংগাত স্নান কৰি বিশ্বনাথ দৰ্শন কৰিব লাগে। প্ৰধানমন্ত্ৰী মোদীয়েও গংগা স্নানৰ অন্তত মন্দিৰটোলৈ যায়। কৰিডৰটোত ভক্ত-দৰ্শণাৰ্থীৰ সুবিধাৰ অৰ্থে গংগাৰ সৈতে সংযোগ কৰি দিয়া হৈছে। ভক্তই সহজেই গংগা স্নানৰ অন্তত বিশ্বনাথৰ দৰ্শন কৰিবপাৰিব। ইফালে, মন্দিৰটো ১.৫ লাখ বৰ্গফুট অঞ্চল সামৰি নিৰ্মাণ কৰা হৈছে।কৰিডৰটো তিনিটা ভাগত বিভক্ত কৰা হৈছে আৰু চাৰিখন বৃহদাকাৰৰ দুৱাৰৰ ব্যৱস্থা কৰা হৈছে। লগতে আছে এটা প্ৰদক্ষিণ পথ।



#বিশ্বনাথ ধামৰ ইতিহাস


ইতিহাসবিদসকলৰ মত অনুসৰি, আকবৰৰ নৱৰত্নৰ অন্যতম ৰাজা টোডৰমলে মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল। অৱশ্যে আকবৰৰ নিৰ্দেশ মৰ্মে যে মন্দিৰটো নিৰ্মাণ কৰা হৈছিল, তাৰ কোনো ঐতিহাসিক তথ্য-প্ৰমাণ পাবলৈ নাই। তদুপৰি, আকবৰৰ ৰাজ দৰবাৰত টোডৰমলৰ অৱস্থান ইমানেই গুৰুত্বপূৰ্ণ আছিল যে তেনে ধৰণৰ মন্দিৰ নিৰ্মাণৰ বাবে টোডৰমলক আকবৰৰ নিৰ্দেশ বা হুকুমৰ প্ৰয়োজনো নাছিল। মন্দিৰ প্রতিষ্ঠাৰ ১০০ বছৰ পিছত ঔৰংগজেবে ধ্বংস কৰি দিয়ে। ১৭৩৫ চনত মহাৰাণী অহল্যা বায়ে মন্দিৰটো পুনৰ প্ৰতিষ্ঠা কৰে। তাৰে ২৮৬ বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বনাথ মন্দিৰটো নতুন ৰূপত নিৰ্মাণ কৰি ভাৰতৰ হাজাৰ বছৰীয়া সনাতন সংস্কৃতিক আগুৱাই লৈ যায়।

#বিশ্বনাথ ধামৰ মাহাত্ম্য


হিন্দু ধর্মত প্রচলিত বিশ্বাস অনুসৰি, মহাদেৱৰ ত্রিশূলত অৱস্থিত কাশী বা বাৰাণসী। গংগাৰ পাৰে অৱস্থিত বিশ্বনাথৰ প্রাচীন মন্দিৰটো। মন্দিৰটো দ্বাদশ জ্যোতির্লিংগৰ অন্যতম। প্ৰবাদ অনুসৰি, বিশ্বনাথৰ মন্দিৰটোৱেই দ্বাদশ জ্যোতির্লিংগৰ প্রথম লিংগ। পুৰাণত কথিত আছে যে মহাদেৱে এবাৰ ব্রহ্মা আৰু বিষ্ণুৰ মাজত কলহ ভংগ কৰাৰ বাবে এটি শিখাৰে স্বৰ্গ, মৰ্ত্য আৰু পৃথিৱীক বি্দ্ধ কৰিছিল। সেই আলোকৰ শিখাৰ পৰাই জ্যোতিৰ্লিংগৰ সৃষ্টি। জ্যোতির্লিংগ সৃষ্টি কৰি মহাদেৱে প্রমাণ কৰি দিলে যে সকলো দেৱতাৰ মাজত তেওঁ শ্ৰেষ্ঠ। তেওঁ দেৱাদিদেৱ।


কাশী বিশ্বনাথৰ মন্দিৰটো বিশ্বেশ্বৰ মন্দিৰ নামেৰেও পৰিচিত। মন্দিৰটো মহাদেৱৰ অতি প্রিয়। কাশীত মৃত্যু হ’লে জন্ম-মৃত্যুৰ বৃত্তাকাৰ চক্রৰ পৰা মুক্তি পোৱা যায় বুলি হিন্দু ধৰ্মাৱলম্বীয়ে বিশ্বাস কৰে। ইযাত যাৰ মৃত্যু হয়, স্বয়ং মহাদেৱে তেওংৰ কাণত তাৰক মন্ত্ৰী দিয়া বুলি বিশ্বাস।

#কাশী বিশ্বনাথ ধামৰ নতুন ৰূপ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকাৰ্পণ কৰা বাবা বিশ্বনাথৰ মন্দিৰটোৰ নৱ্যৰূপটো গংগাৰ তীৰলৈকে বিস্তৃত। অৰ্থাৎ গংগা স্নান কৰি মন্দিৰ দৰ্শন বা পূজা-অৰ্চনাৰ পৰম্পৰা পালনক সহজ কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ তৎপৰতাত নিৰ্মিত মন্দিৰটোৰ সৈতে গংগাক সংযুক্ত কৰা হৈছে। নৱনিৰ্মিত মন্দিৰ চৌহদত ২৩টা সৰু-বৰ ভৱন আৰু ২৭টা মন্দিৰ আছে।এতিয়াৰে পৰা ভক্তই মন্দিৰটোলৈ ঠেক গলি আৰু সৰু সৰু ৰাস্তাৰে যাব নালাগে। সম্পূৰ্ণ কৰিডৰটো প্ৰায় ৫০ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকাত এটা কম্প্লেক্সত নিৰ্মাণ কৰা হৈছে। কৰিডৰটো তিনিটা ভাগত বিভক্ত। চাৰিখন বৃহৎ দুৱাৰ আৰু প্ৰদক্ষিণ পথত ২২টা মাৰ্বলৰ শিলালিপি আছে।শিলালিপিত কাশীৰ মহিমা বৰ্ণিত হৈছে।তদুপৰি, মন্দিৰ চ’ক, মুমুক্ষু ভৱন, তিনিটা যাত্ৰী সুবিধা কেন্দ্ৰ, চাৰিটা শ্বপিং কমপ্লেক্স, মাল্টিপাৰপাজ হল, চিটী মিউজিয়াম, বাৰাণসী গেলেৰীৰ দৰে সুবিধা উপলব্ধ কৰোৱা হৈছে্।


9 views0 comments