চুলাইৰ ঘাটিত কাজিয়া : বিজনীত ডেগাৰেৰে মহিলাক হত্যা, ঘাতক আটক



চিৰাং জিলাৰ বিজনীত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এটা লোমহৰ্ষক  হত্যাকাণ্ড। চহৰখনৰ ২নং ভেটাগাঁৱত ৰিংকু নাৰ্জাৰী (২৮) নামৰ এজন যুৱকে ডেগাৰেৰে হানি-খুঁচি হত্যা কৰে এগৰাকী মহিলাক। নিহত মহিলাগৰাকী ২নং ভেটাগাঁৱৰেই অণিমা সৰকাৰ( ৪৮)।


ঘটনাৰ লগে লগে অণিমা সৰকাৰক স্থানীয় ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাস্থলীত বিজনী থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী ৰিংকু নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ নিয়ে। ইফালে, ঘটনাটোৰ উদ্বেগজনক দিশ এটা আঙুলিয়াই দিছে সদৌ বিটিআৰ বাঙালী যুৱ-ছাত্র ফেডাৰেচনে। সংগঠনটোৰ অভিযোগ অনুসৰি উক্ত স্থানত থকা চুলাইৰ ঘাটিত কাজিয়াৰ সূত্ৰপাত হৈছিল। ফেডাৰচনে ৪৮ ঘণ্টাৰ ভিতৰত ঘাটিসমূহ উচ্ছেদ কৰাৰ বাবে দাবী উত্থাপন কৰে।

9 views0 comments