অনিমেশ ভূঞাৰ হত্যা : পাষণ্ডৰ চৰ্দাৰ ক'লা ল'ৰা ওৰফে নীৰজ দাসক গ্ৰেপ্তাৰ




যোৰহাট চহৰৰ মাজমজিয়াত এজন চফল অসমীয়া ডেকাক মৰিয়াই মৰিয়াই হত্যা কৰা পাষণ্ডৰ দলটোৰ চৰ্দাৰ ক'লা ল'ৰা ওৰফে নীৰজ দাসক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নীৰজক গ্ৰেপ্তাৰৰ লগে লগে ঘটনাটোৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি পালে। আৰক্ষীয়ে নীৰজৰ ভাতৃকো গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, নীৰজ দাস এজন দাগী অপৰাধী। তেওঁৰ বিৰুদ্ধে অৰ্ধশতাধিক অপৰাধমূলক ঘটনাৰ গোচৰ ৰুজু হৈ আছে।





উল্লেখযোগ্য সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াতে এজন ছাত্ৰ নেতাক এই ক’লা গুণ্ডাৰ নেতৃত্বত এটা গুণ্ডা বাহিনীয়ে অতি বৰ্বৰতাৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। দিন দুপৰতে নগৰৰ মাজমজিয়াত উন্মত্ত দলটোৱে হত্যা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক।

9 views0 comments