কিম জং-উনৰ নিৰ্দেশ : ১১ দিনলৈ হাঁহিব নোৱাৰিব উত্তৰ কোৰিয়াৰ জনগণে





আঢ়ৈ কোটি জনসংখ্যাৰ দেশ উত্তৰ কোৰিয়াত ১১ দিনৰ বাবে হাঁহি নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলেই শাস্তিৰ সন্মুখীন হ'ব লাগিব। ৰঙাঘৰলৈ যোৱাটো নিশ্চিত। এক নায়কত্ববাদী শাসক কিম জং-উনে দেশবাসীৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে। অকল হাঁহিয়েই নহয়, উল্লিখিত ১১ দিনত নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ আনন্দ।


দেশখনৰ সংবাদ মাধ্যম ৰেডি’ ফ্রী এছিয়াৰ প্রতিবেদন অনুসৰি, ১১ দিন দেশবাসীয়ে প্রকাশ কৰিব নোৱাৰিব কোনো ধৰণৰ আনন্দ–উল্লাহ৷ কাৰণ এই সময়ছোৱাত দেশৰ প্রাক্তন সাংসদ তথা কিম জং–উনৰ পিতৃ কিম জং–ইলৰ মৃত্যুবার্ষিকীক শোক দিৱস হিচাপে পালন কৰিব চৰকাৰে৷ শাসকীয় ৱর্কার্ছ পার্টীৰ তৰফৰ পৰা হাঁহিত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি এই সময়ছোৱাত কোনো লোকে সুৰাপানো কৰিব নোৱাৰিব৷ কিম জং–ইলৰ প্রতি এই ১১টা দিন শোক প্রকাশ কৰি থাকিব লাগিব দেশবাসীয়ে৷ অকল হাঁহিৰ ক্ষেত্রতেই নহয়, ইয়াৰ পূর্বে পোছাক, চুলিৰ ষ্ট্রাইল আদিৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছিল কিম জং–উনে৷ নিজৰ ইচ্ছা অনুসৰি দেশখনৰ কোনো লোকে চুলি বিশৃংখল ধৰণে কাটিব নোৱাৰে৷ নাইবা নিজ ইচ্ছানুসৰি কোনো লোকে টাইট–ফিট জীনছ পৰিধান কৰিবও নোৱাৰে৷ যিসকলে এই নিষেধাজ্ঞা উলংঘা কৰিছে তেওঁলোক ইতিমধ্যে ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে৷ অবিবাহিত যুৱতীসকলৰ ক্ষেত্রত নিষেধাজ্ঞাৰ তালিকাখন আৰু দীঘলীয়া৷ নাক ফুটাই অলংকাৰ পৰিধান কৰা দণ্ডনীয় দেশখনত৷ অবিবাহিত মহিলাই চুলি দীঘলকৈ ৰাখিব নোৱাৰে৷ একনায়ক কিম এতিয়া এনে কার্যৰ জৰিয়তেই বিশ্বৰ সংবাদ শিৰোনামত উঠিছে।

8 views0 comments