কোহলিৰ ৯মহীয়া কন্যাক ধৰ্ষণৰ ভাবুকি : হায়দৰাবাদত গ্ৰেপ্তাৰ আইআইটিৰ স্নাতক





ভাৰতীয় ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলিৰ নমহীয়া কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া যুৱকজনক আৰক্ষীয়ে হায়দৰাবাদত গ্ৰেপ্তাৰ কৰিছে। চৰম বিকৃত মানসিকতাৰ যুৱকজনৰ নাম ৰামনাগেশ শ্ৰনিৱাস অকুবাথিনি(২৩)। যুৱকজন আই আই টিৰ স্নাতক।


টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছতে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ কনমানি শিশুক অনলাইন ধৰ্ষণৰ ভাবুকি দিয়া এজন যুৱকক মুম্বাই আৰক্ষীয়ে আটক কৰে। যুৱকজনক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান তেওঁক মুম্বাইলৈ আনি থকা হৈছে।


উল্লেখ্য যে মৰুৰ দেশত চলি থকা টি-২০ বিশ্বকাপক পাকিস্তানৰ বিৰুদ্ধে ভাৰত পৰাস্ত হোৱাৰ পিছত যুৱকজনে সামাজিক মাধ্যমত বিৰাট কোহলিৰ ৯মহীয়া সন্তানক ধৰ্ষণৰ ভাবুকি দিছিল। তদুপৰি, ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ শ্বামীৰ বিৰুদ্ধেও আপত্তিজনক বিতৰ্কিত মন্তব্য দিছিল।


মুম্বাই আৰক্ষীয়ে ঘটনাটো গম্ভীৰভাৱে লৈ তদন্ত আৰম্ভ কৰে। তদন্তত যুৱকজনৰ পৰিচয় ওলাই পৰে। অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

6 views0 comments