গো-মাফিয়া খাইৰুললৈ কোকৰাঝাৰ আৰক্ষীৰ গুলী : পলোৱাৰ অপচেষ্টা ব্যৰ্থ





আৰক্ষী বিষয়াৰ হাতৰ পৰা পিষ্টল কাঢ়ি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱা গো-মাফিয়া এজন গুলীবিদ্ধ হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে। ঘটনাটো কোকৰাঝাৰ জিলাৰ। কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা খাইৰুল ইছলাম(৩৩) নামৰ গো-মাফিয়াজন শনিবাৰে পুৱতিনিশা এনকাউণ্টাৰত গুলীবিদ্ধ হয়। আহত খাইৰুল ইছলামৰ ঘৰ জাউলিয়াপাৰাত।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, গ্ৰেপ্তাৰৰ পিছত কোকৰাঝাৰ আৰক্ষীয়ে আন সহযোগীৰ ঘৰ দেখুৱাবলৈ খাইৰুলক কাক্ৰিখোলালৈ লৈ যায়। তাত আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি কলিতাৰ পিষ্টল লৈ পলায়নৰ চেষ্টা চলায় খাইৰুলে। খাইৰুলক বন্দী কৰিবলৈ আৰক্ষীয়ে ভৰিলৈ গুলীচালনা কৰে। গুলীয়ে খাইৰুলৰ সোঁভৰিৰ আঠুৰ তলত আঘাত কৰে। আহত খাইৰুলক আৰক্ষীয়ে প্ৰথমে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায়। তাৰ পৰা উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

5 views0 comments