ডিমা হাচাওত ভূমিস্খলন : অনিৰ্দিষ্টকাললৈ বন্ধ লামডিং-শিলচৰ ৰে'লসেৱা





ভয়ংকৰ ভূমিস্খলনে ধ্বংসলীলা চলাইছে ডিমা হাছাও জিলা। জিলাখনত ইতিমধ্যে তিনিজন লোকে প্ৰাণ হেৰুৱাইছে।বিপৰ্যয়ৰ সন্মুখীন হৈছে বহু লোক। সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে ৰে'ল সেৱা। ভূমিস্খলনৰ বাবে শিলচৰ-লামডিঙৰ মাজত ৰে'লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈছে। পাহাৰীয়া জিলাখনৰ বিভিন্ন অংশত ভূমিস্খলনৰ ফলতে বন্ধ হৈ পৰে এই ৰে'ল সেৱা।ইপিনে অনিৰ্দিষ্টকালৰ বাবে জিলাখনৰ মাজেৰে ৰে'লৰ চলাচল বন্ধ হৈ পৰাত নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ পৰিছে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লখন। খাদ্যৰ অভাৱত পৰিছে প্ৰায় ২ হাজাৰ ৰে'লযাত্ৰী। তেওঁলোকৰ মাজত মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।


নিউ হাফলং ষ্টেচনৰ পৰা হাফলং চহৰলৈ পথছোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।ইফালে ভূমিস্খলনৰ ফলত লাংটিং ষ্টেচন আৰু মাইবং ষ্টেচনত আবদ্ধ হৈ পৰিছে চিয়ালদাহ আগৰতলা এক্সপ্ৰেছখনো । আনহাতে লামডিং আৰু গুৱাহাটী-বদৰপুৰৰ মাজত চলাচল কৰা ভিষ্টাড'ম ৰে'লখন গুৱাহাটীলৈ লৈ যোৱা হয় ।


কিন্তু নিউ হাফলং ষ্টেচনৰ আগৰ আৰু পিছৰ ৰে'লপথচোৱাত ভূমিস্খলন হোৱাৰ ফলত ৰে'লপথ বন্ধ হৈ পৰাৰ বাবে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লগাড়ীখন নিউ হাফলং ষ্টেচনত আবদ্ধ পৰে । ইপিনে জিলাখনৰ লগত ৰাজ্যৰ অন্যান্য অংশৰ যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে।

5 views0 comments