মহাৰাষ্ট্ৰত বৃহৎ এনকাউণ্টাৰ : C-60ৰ গুলীত২৭ মাওবাদী নিহত






মাওবাদীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত আৰক্ষীয়ে বিশেষ সাফল্য লাভ কৰিছে। প্ৰদেশখনৰ গড়চিৰৌলিত আৰক্ষীৰ গুলীত ২৭জন মাওবাদী নিহত হয়। ইয়াৰ বিপৰীতে মাওবাদীৰ গুলীত ৪জন আৰক্ষী আহত হয় বুলি জানিব পৰা গৈছে। আহতসকলক ইতিমধ্যে আকাশীযানৰ সহায়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।





উল্লেখ্য যে গড়চিৰৌলি মাওবাদীৰ অন্যতম শক্তিশালী দুৰ্গ। প্রায় প্রতিদিন অঞ্চলটোত সেনা জোৱান তথা সাধাৰণ নাগৰিকক নক্সালবাদীয়ে টার্গেট কৰে। মাজে মাজে গোপন সূত্রৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়। শনিবাৰেও অঞ্চলটোৰ বনাঞ্চলত তেনে এটা অভিযান চলাবলৈ গৈছিল মহাৰাষ্ট্র আৰক্ষীয়ৰ চি-৬০ বাহিনীপ এটা দল। দলটোৰ সৈতে সংঘৰ্ষত ২৭জন মাওবাদী নিহত হয়। অভিযান দেওবাৰে পুৱালৈকে চলে।



প্ৰসংগক্ৰমে উল্লেখ্য যে দেশৰ অন্যান্য প্রান্তত নক্সালপন্থীৰ দৌৰাত্ম্য যথেষ্টখিনি নিয়ন্ত্রণলৈ আহিলেও গড়চিৰৌলি, সুকমা, দান্তেৱাড়াৰ দৰে অঞ্চলত মাওবাদীৰ সন্ত্ৰাস অব্যাহত আছে।

9 views0 comments