ফ্লৰিডাৰ সমান বৃহৎ : ৩-৫ বছৰত গলি গলি শেষ বিশ্বৰ বৃহৎ হিমবাহ থুৱেইটছ গ্লেচিয়াৰ




পৃথিৱীৰ সবাতকৈ বৃহৎ হিমবাহটো তিনি-পাঁচ বছৰতকৈ অধিককাল থকাৰ সম্ভাৱনা ক্ষীণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ সমান বিশালকায় হিমাবাহটো গলিলে পৃথিৱীৰ অন্যান্য অংশত ইয়াৰ প্ৰভাৱ কিদৰে পৰিব, সেয়া সহজে অনুমেয়। সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাব। পানীৰ তললৈ যাব বহু সমতল। আমেৰিকান জিঅ'ফিজিকেল ইউনিয়নৰ এখন অনলাইন সন্মিলনত ব্যক্ত কৰা হৈছে এই উদ্বেগজনক তথ্য। সন্মিলনত কোৱা হৈছে যে তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ বহল হিমবাহটো আৰু নাথাকিব। এণ্টাৰ্কটিকাত থকা হিমবাহটো গলিলে সাগৰৰ পানীৰ স্তৰ বৃদ্ধি হ'ব। বিজ্ঞানীসকলে নিউ অৰলিন্সৰ পৰা সন্মিলনখনৰ জৰিয়তে বিশ্ববাসীক এই সতৰ্কবাণী প্ৰেৰণ কৰে।



গ্লেচিয়াৰটো হৈছে এণ্টাৰ্কটিকাৰ 'থুৱেইটছ গ্লেচিয়াৰ'। বিগত এটা দশক ধৰি কৰা নিৰীক্ষণৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডা ৰাজ্যৰ আকাৰৰ সমান হিমবাহটো শেহতীয়াকৈ অতি দ্ৰুতগতিত গলি থকা পৰিলক্ষিত হৈছে। গলনৰ হাৰলৈ লক্ষ্য কৰি ইয়াৰ তিনিৰ পৰা পাঁচ বছৰ অস্তিত্ব বজাই থাকিব বুলি বিজ্ঞানীসকলে ধাৰণা কৰে সেয়ে হিমবাহটোক বিজ্ঞানীসকলে 'ডুমছডে' গ্লেচিয়াৰ' বুলি অভিহিত কৰিছে।



উল্লেখ্য যে হিমবাহটো আছে পশ্চিম এণ্টাৰ্কটিকাত। পৃথিৱীৰ আটাইতকৈ বহল হিমবাহটো ১২০ কিলোমিটাৰ বিস্তৃত। গভীৰতা ৮০০ৰ পৰা ১২০০ মিটাৰ। ঠিক মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ এক-অষ্টমাংশ। হিমবাহৰ তলভাগ আমুণ্ডসেন সাগৰত ওপঙি থকা বৰফৰ সৈতে যোৰা লাগি আছে। গলনৰ বাবে সাগৰৰ পানীৰ স্তৰ দুই ফুটতকৈ ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে।



বিজ্ঞানীসকল কয় যে যোৱা এক দশক ধৰি কৰা নিৰীক্ষণত ধৰা পৰিছে যে উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এণ্টাৰ্কটিকাত দ্ৰুততম হাৰত থুৱেইটছ হিমবাহ গলি আছে। কেৱল ২০০০ চনৰ পৰা যোৱা ২১ বছৰত, হিমবাহটোৰ ১০ লাখ টন বৰফ গলি গৈছে। এইটোও দেখা গৈছে যে পৰৱৰ্তী বছৰত হিমবাহটো যি হাৰত গলিছে সেই হাৰ আগৰ ৩০ বছৰৰ দুগুণ। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, তুষাৰপাতৰ ফলত জমা হোৱা বৰফৰ তুলনাত হিমবাহৰ বৰফ গলিছে বছৰি ৫০০০ নিযুত টন অধিককৈ।

7 views0 comments