বাওঁপন্থীৰ ভণ্ডামি পুনৰ উন্মোচিত : কেৰালা চৰকাৰে হ্ৰাস নকৰে পেট্ৰ'ল-ডিজেলৰ দাম




ভাৰতত দাম বৃদ্ধিৰ বিৰুদ্ধে সততে ৰাজপথলৈ ওলায় বাওঁপন্থী ৰাজনৈতিক দল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক দৰিদ্ৰৰ তেজ শুহি খোৱা, পুঁজিপতিৰ পৃষ্ঠপোষককে ধৰি কিমান যে কঠোৰ কঠোৰ ভাষাৰে সমালোচনা নকৰে। কিন্তু যেতিয়া নিজৰ পাল আহে, জনসাধাৰণৰ স্বাৰ্থলৈ পিঠি দি বহি থাকে। বাওঁপন্থীৰ এই ভণ্ডামি পুনৰ উন্মোচিত হৈছে পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাসকৰণত। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস কৰাৰ দেশখনৰ বিজেপিশাসিত ৰাজ্যলমূহেও নিজাববীয়াকৈ ভেট হ্ৰাস কৰি নিজ নিজ ৰাজ্যৰ জনসাধাৰণক সকাহ দিয়ে। কিন্তু বাওঁপন্থীশাসিত কেৰালাত?


সৰ্বহাৰাৰ বাবে ৰাজনীতি কৰা বুলি দাবী কৰা বাওঁপন্থীৰ ভণ্ডামি কেৰালাত বাৰুকৈয়ে উন্মোচিত হৈছে। ৰাজ্যখনৰ বিত্তমন্ত্ৰী কে এন বাল গোপালে পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপিত ৰাজ্য চৰকাৰৰ ভেট এপইচাও হ্ৰাস নকৰে বুলি স্পষ্ট কৰি দিছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল কেৰালাৰ নাগৰিকে দেশৰ বিজেপিশাসিত ৰাজ্যৰ উপভোক্তাৰ তুলনাত অধিক দাম ভৰিব লাগিব। বিত্তমন্ত্ৰী বাল গোপালে কয় যে ৰাজ্য চৰকাৰে নিজৰ ফালৰ পৰা কৰা হ্ৰাস নকৰে। এয়াই সৰ্বহাৰাৰ ৰাজনীতি নেকি?

14 views0 comments