উভতি চাওঁ : ২০২১ চনত লক্ষ্মীদেৱীৰ কৃপা অব্যাহত থকা ব্যক্তিকেইজন




বহু ঘটনা-পৰিঘটনা বুকুত সামৰি বিদায়ৰ ক্ষণত উপস্থিত হৈছে ২০২১ চনটো। বিশ্বৰ ইতিহাসত এটা ঘটনাবহুল বছৰ হিচাপে পৰিগণিত হৈ থাকিব বিদায়ৰ দুৱাৰডলিত উপস্থিত হোৱা বছৰটো। কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে এটা কোনেও পাহৰিব নোৱাৰা বছৰ হৈ ৰ’ব ২০২১ চন। তদুপৰি, ৰাজনীতি, অৰ্থনীতি, ক্ৰীড়াকে ধৰি সকলো ক্ষেত্ৰতে বছৰটোৱে নিজৰ চাপ ৰাখিবলৈ সক্ষম হৈছে। বছৰটোত বিশ্বৰ কোন কোন ধনাঢ্য ব্যক্তিৰ ধনৰ পৰিমাণ বাঢ়িল কাৰ কাৰ কমিল, তাকে এবাৰ চাওঁ আহক।


এলন মাস্ক

এইগৰাকী ব্যৱসায়ীৰ সম্পত্তি প্ৰতিদিনেই বাঢ়ি আছে।ফৰ্বছৰ তালিকাত ধনী ব্যক্তিৰ তালিকাত তেওঁ শীৰ্ষত আছে। বৰ্তমান মাস্কৰ সম্পত্তিৰ পৰিমাণ ২২৯ মাৰ্কিন ডলাৰ। আমাৰিকাৰ টেক্সাছৰ বাসিন্দা মাস্কৰ আয়ৰ সিংহভাগেই প্ৰযুক্তি ক্ষেত্ৰখনৰ পৰা অহা। মাস্কৰ দুই সংস্থা টেছলা আৰু স্পেচএক্সৰ খ্যাতি বিশ্বজোৰা। বৌদ্যুতিক গাড়ী নিৰ্মাতা টেছলাৰ শ্বেয়াৰৰ দাম প্ৰতিদিনে বৃদ্ধি পাই আছে। এলনৰ হাতত আছে ৪২ বিলিয়ম মাৰ্কিন ডলাৰৰ শ্বেয়াৰ। এলন মাস্ক টেছলাৰ উপৰি ৰকেট সংস্থা স্পেচএক্সৰৰ প্ৰতিষ্ঠাতা।


জেফ বেজোছ

বিশ্বৰ ধনীসকলৰ তালিকাত এলন মাস্কৰ তলতে আছে অনলাইন শ্বপিং সংস্থা আমাজনৰ উদ্যোক্তা আৰু চিইঅ’ জেফ বেজোছ (Jeff Bezos)। আমাজনৰ উপৰি বেজোছৰ আয়ৰ উৎসৰ ভিতৰত আছে ‘ব্লু অৰিজিন’আৰু ‘দ্যা ৱাশ্বিংটন পোষ্ট’। আমেৰিকাৰ চিয়েটেলৰ বাসিন্দা বেজোছৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৯৫ বিলিয়ন মার্কিন ডলাৰ। চলিত বছৰৰ জুলাইত নিজৰ সংস্থাৰ দ্বাৰা তৈয়াৰী ৰকেট তথা মহাকাশ যান নিউ শ্বেপার্ডত উঠি মহাকাশ ভ্ৰমণ কৰি আহে বেজোছে। লগত আছিল ভাতৃ মাৰ্ক বেজোছ।


বিল গেটস

২০২১ চনতো লক্ষ্মীদেৱীৰ আশীৰ্বাদ অব্যাহত আছে এসময়ৰ বিশ্বৰ সবাতকৈ ধনী ব্যক্তি বিল গেটছ। চলিত বৰ্ষটোত বিশ্বৰ সবাতকৈ বৃহৎ ছফটৱেৰ নির্মাতা প্রতিষ্ঠান মাইক্রোছফটৰ প্রতিষ্ঠাতাৰ সম্পদৰ পৰিমাণ হয় ১৪৮ বিলিয়ন মার্কিন ডলাৰ। ১৯৭৫ চনত বিল গেটছ আৰু পল এলেনে মাইক্রোছফট প্ৰতিষ্ঠা কৰিছিল। এইটো এটা ঐতিহাসিক ঘটনা।


মুকেশ আম্বানি

এছিয়াৰ সবাতকৈ ধনী ব্যক্তি ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ কর্ণধাৰ মুকেশ আম্বানি। চলিত বৰ্ষত ১০০ বিলিয়ন ডলাৰৰ ক্লাবৰ সদস্য হৈছে তেওঁ। অর্থাৎ জেফ বেজোছ, এলন মাস্কসহ শীর্ষস্থানীয় ধনকুবেৰৰ দৰেই তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০০ বিলিয়ন মার্কিন ডলাৰৰ ঘৰ আতিক্ৰম কৰিছে। ‘ব্লুমবার্গ বিলিয়নেয়াৰ্ছ ইনডেক্স’ৰ পৰিসংখ্যা অনুসৰি মুকেশৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০০.৬ বিলিয়ন মার্কিন ডলাৰ। চলিত বছৰটোতে তেওঁৰ সম্পত্তি বাঢ়িছে ২৩.৮ বিলিয়ন মার্কিন ডলাৰ। কৰানাকালত ব্যক্তিগত সম্পদৰ পৰিমাণ বৃদ্ধিৰ ক্ষেত্রত নতুন মাইলৰ খুঁটি স্থাপন কৰিছে মুকেশ আম্বানীয়ে।


গৌতম আদানি

ভাৰতত মুকেশ আম্বানীৰ সৈতে ধনাঢ্য ব্যক্তিৰ নাম ল’লে প্ৰথমেই মনলৈ আহে গৌতম আদানিৰ নাম। ২০২১ চনত আম্বানিৰ আয় ৯ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে আদানিৰ উপার্জন বৃদ্ধি হৈছে ২৬১ শতাংশ। তেওঁৰ সংস্থাৰ বজাৰ মূলধন ৯ লাখ কোটি টকা। পৰিসংখ্যানৰ বিচাৰত তেওঁ ১ লাখ কোটি টকাৰ পাঁচটা সংস্থাৰ মালিক। এছিয়াৰ ধনীসকলৰ তালিকাত ৰিলায়েন্স কর্ণধাৰগৰাকীৰ পিছতে তেওঁৰ স্থান। গৌতম আদানিয়ে ১৯৮৮ চনত আদানি গোষ্ঠী প্রতিষ্ঠা কৰিছিল। তাৰ পিছৰে পৰা আদানিয়ে উভতি চাবলগীয়া হোৱা নাই।

অক্ষয় কুমাৰ

ফৰ্বছৰ তালিকা অনুসৰি, ভাৰতীয়া চিনে তাৰকাসকলৰ ভিতৰত অক্ষয় কুমাৰে চলিত বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰিছে। বছৰটোত তেওঁ ১৮৫ কোটি টকা আয় কৰে। কৰোনাৰ গ্ৰাসত পৰা বছৰটোত অক্ষয় কুমাৰৰ উপাৰ্জনত বিশেষ প্ৰভাৱ নপৰিল। শেহতীয়া তথ্য অনুসৰি, ৰাজেশ খান্নাৰ জোঁৱাইগৰাকীৰ সম্পত্তিৰ পৰিমাণ ৩২৫ মিলিয়ন মার্কিন ডলাৰ।


শ্বাহৰুখ খান

ড্ৰাগছ কাণ্ডত পুত্ৰৰ গ্ৰেপ্তাৰ, এখনৰ পিছত এখনকৈ চিনেমা ফ্লপ। তদুপৰি, লকডাউনৰ আঘাত, চিনেমাগৃহ বন্ধ, শ্বুটিঙত হেঙাৰ। ইমান প্ৰতিবন্ধকতা অতিক্ৰমি বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ আয়-উপাৰ্জন কিন্তু হ্ৰাস পোৱা নাই। তেওঁৰ প্ৰতিদিনৰ আয় গড়ে ৮০ হাজাৰ মাৰ্কিন ডলাৰ। ২০২১ চনত তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই হয় ৬৯০ মিলিয়ন ডলাৰ।


বিৰাট কোহলি

খেলপথাৰত বিৰাট কোহলিৰ সময় এতিয়া বিশেষ সুখকৰ নহয়। এদিনীয়াত অধিনায়কৰ পদ হেৰুৱালে। বেটৰ পৰাও ৰান বৰষা নাই। তেওঁক কেন্দ্ৰ কৰি বিতৰ্কও হৈ আছে। মুঠতে কঠিন সময়। কিন্তু উপাৰ্জনত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই। ক্ৰিকেটৰ পৰা আয়ৰ উপৰি চলিত বৰ্ষত বিজ্ঞাপন জগতখনৰ পৰা বুজন পৰিমাণৰ ধয় কৰিছে কোহলিয়ে। চলিত বছৰত তেওঁৰ আয় পৰিমাণ বৃদ্ধ পাই হৈছে ২২৮.০৯ কোটি টকা। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্রায় ৬৩৮ কোটি টাকা।


শচীন তেণ্ডুলকাৰ

বিশ্ব ক্রিকেটৰ আধুনিক ডন তেণ্ডুলকাৰে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা কেতিয়াবাই অৱসৰ গ্ৰহণ কৰিছে। কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত তেওঁ আজিও ক্ৰিকেটৰ মহাসম্ৰাট।কৰোনাকালতো তেণ্ডুলকাৰৰ উপাৰ্জন হ্ৰাস পোৱা নাই। চলিত বছৰত তেওঁৰ উপাৰ্জন হৈছে ৭২.৫০ কোটি টকা। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্রায় ১০৯০ কোটি টকা।

14 views0 comments