১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত স্বাভাৱিক হ'ব জীৱন যাত্ৰা



১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত কৰোনাবিধি বুলিবলৈ বিশেষ একো নাথাকিব। ৰাজ্য চৰকাৰে ইতিমধ্যে এই ঘোষণা কৰিছে। বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুনৰ ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত ক'ভিড সম্পৰ্কীয় সকলো নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হ'ব। নৈশ সান্ধ্য আইন নাথাকিব। বাপতিসাহোন ৰঙালী বিহু উদযাপনতো নাথাকিব কোনো বাধা। লগতে সকলোবোৰ বিদ্যালয় মুকলি হ'ব। এক কথাত ৰাজ্যখনত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ব। মাথোঁ মাস্ক, ছেনিটাইজাৰ আৰু টিকাকৰণ অব্যাহত থাকিব।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শিক্ষাৰ্থীয়ে ভেকচিন লৈহে পৰীক্ষা দিব পাৰিব। ছবিগৃহ, সভা-সমিতিলৈ যোৱা মানুহৰ বাবে দুয়ো পালি ভেকচিন লোৱাটো বাধ্যতামূলক হৈ থাকিব। বিবাহ অনুষ্ঠানৰ ক্ষেত্ৰতো ভেকচিন নীতিটোৰ বাহিৰে নাথাকিব কোনো বিশেষ নিৰ্দেশনা উল্লেখ্য যে দেশৰ অন্যান্য অংশৰ লগতে অসমতো কৰোনাৰ তৃতীয় লহৰৰ প্ৰকোপ হ্ৰাস পাইছে। এই অৱস্থাত ৰাজ্যখনৰ জনসাধাৰণক কৰোনাবিধিৰ কঠোৰ শৃংখলাৰে বান্ধি ৰাখিব খোজা নাই। জনগণক স্বাভাৱিক জীৱন যাপন কৰাৰ যথাসম্ভৱ প্ৰচেষ্টা চলাইছে ৰাজ্য চৰকাৰে। ১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত ইয়াৰেই প্ৰতিফলন ঘটিব।


১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত কৰোনাবিধি বুলিবলৈ বিশেষ একো নাথাকিব। ৰাজ্য চৰকাৰে ইতিমধ্যে এই ঘোষণা কৰিছে। বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুনৰ ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত ক'ভিড সম্পৰ্কীয় সকলো নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হ'ব। নৈশ সান্ধ্য আইন নাথাকিব। বাপতিসাহোন ৰঙালী বিহু উদযাপনতো নাথাকিব কোনো বাধা। লগতে সকলোবোৰ বিদ্যালয় মুকলি হ'ব। এক কথাত ৰাজ্যখনত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ব। মাথোঁ মাস্ক, ছেনিটাইজাৰ আৰু টিকাকৰণ অব্যাহত থাকিব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শিক্ষাৰ্থীয়ে ভেকচিন লৈহে পৰীক্ষা দিব পাৰিব। ছবিগৃহ, সভা-সমিতিলৈ যোৱা মানুহৰ বাবে দুয়ো পালি ভেকচিন লোৱাটো বাধ্যতামূলক হৈ থাকিব। বিবাহ অনুষ্ঠানৰ ক্ষেত্ৰতো ভেকচিন নীতিটোৰ বাহিৰে নাথাকিব কোনো বিশেষ নিৰ্দেশনা।

উল্লেখ্য যে দেশৰ অন্যান্য অংশৰ লগতে অসমতো কৰোনাৰ তৃতীয় লহৰৰ প্ৰকোপ হ্ৰাস পাইছে। এই অৱস্থাত ৰাজ্যখনৰ জনসাধাৰণক কৰোনাবিধিৰ কঠোৰ শৃংখলাৰে বান্ধি ৰাখিব খোজা নাই। জনগণক স্বাভাৱিক জীৱন যাপন কৰাৰ যথাসম্ভৱ প্ৰচেষ্টা চলাইছে ৰাজ্য চৰকাৰে। ১৫ ফেব্ৰুৱাৰীৰ পৰা অসমত ইয়াৰেই প্ৰতিফলন ঘটিব।

4 views0 comments