৬০০ বছৰ পাছত ১৯ নৱেম্বৰত দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ





অহা ১৯ নৱেম্বৰত বিশ্বৰ কেইবাখনো দেশৰ নাগৰিক সাক্ষী হৈ ৰ'ব এটা বিৰল মহাজাগতিক ঘটনাৰ। দিনটোত

আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ হ'ব। দিনটো প্ৰায় ৬০০ বছৰৰ অন্তত আহিব।

আমেৰিকাৰ বাটলাৰ বিশ্ববিদ্যালয়ৰ চৌহদস্থিত ইণ্ডিয়ানা হলকম্ব অবজাৰ্ভেটৰীৰ মতে, আংশিক চন্দ্ৰগ্ৰহণৰ সময় ৩ ঘণ্টা, ২৮ মিনিট, ২৪ ছেকেণ্ড। আৰু সম্পূৰ্ণ চন্দ্রগ্ৰহণ ৬ ঘণ্টা ১ মিনিটলৈ থাকিব। গ্ৰহণটোক ৫৮০ বছৰৰ ভিতৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্রগ্ৰহণ হিচাপে ধৰা হ'ব।



অবজাৰ্ভেটৰীয়ে কয়, "শতিকাৰ আটাইতকৈ দীঘলীয়া আংশিক গ্ৰহণ ১৯ নৱেম্বৰৰ পুৱাৰ ভাগত হ'ব পাৰে, ই ৫৮০ বছৰৰ ভিতৰত আটাইতকৈ দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ হ'ব। য'ত মহাকাশ পৰ্যবেক্ষকসকলে সূক্ষ্মভাৱে পৰিৱৰ্তনশীল চন্দ্ৰৰ দৃশ্য বিচাৰি পাব। উক্ত দিনা চন্দ্রটো ৰঙা ৰঙৰ দেখা যাব পাৰে। লগতে এই চন্দ্রগ্ৰহণ বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ হিচাপে বিবেচিত হ'ব। নাছাৰ মতে, চন্দ্রগ্ৰহণটো চাৰিটা মুখ্য পৰ্যায়ত হ'ব।


ইফালে, সৰ্বাধিক চন্দ্রগ্ৰহণৰ দৃশ্য পুৱা ৪.০৩ বজাত দেখা পোৱা যাব। তেতিয়া চন্দ্ৰৰ ৯৭ শতাংশ পৃথিৱীৰ ছাঁৰ গভীৰতম অংশৰ দ্বাৰা আৱৰি থাকিব, যি সম্ভৱতঃ গাঢ় ৰঙা ৰঙালৈ পৰিৱৰ্তিত হ'ব। গ্ৰহণৰ কিছু অংশ উত্তৰ আৰু দক্ষিণ আমেৰিকা, পূব এছিয়া, অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰত দেখা পোৱা যাব।

7 views0 comments