
কথা দেখো ভয়ংকৰ! কাঠমাণ্ডুৰ নাইট ক্লাবত চীনৰ ৰাজদূতৰ সৈতে ৰাহুল গান্ধী

কাঠমাণ্ডুৰ এটা বিখ্যাত নাইট ক্লাবত অমোদ-প্ৰমোদত ব্যস্ত কংগ্ৰেছৰ যুৱৰাজ তথা দেশত পাপ্পু হিচাপে পৰিচিত ৰাহুল গান্ধীয়ে নাইট ক্লাবটোত কাৰ সৈতে পাৰ্টীত ব্যস্ত আছিল? ইয়াক লৈ শেহতীয়াকৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ৰাহুল গান্ধীৰ সৈতে নাইট ক্লাবটোত আছিল চীনৰ নেপালস্থিত ৰাজদূত হো য়াংকি (Hou Yanqi)। নাইট ক্লাবটোৰ দৃশ্যাংশৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত ৰাজদূতগৰাকীৰ সৈতে ৰাহুল গান্ধীয়ে কাণে কাণে কথা পাতি থকা দেখা গৈছে।
নেটিজেনৰ দাবী অনুসৰি, মহিলাগৰাকী দেখাত চীনৰ নেপালস্থিত ৰাজদূত হো য়াংকি। তেওঁ ২০১৮ চনৰ পৰাই নেপালত চীনৰ ৰাজদূত হিচাপে কৰ্মৰত। ৰাজদূতগৰাকীৰ নেপালৰ ৰাজনীতিৰ পৰা সেনাৰ প্ৰধান কাৰ্যালয়লৈকে অবাধ আহ-যাহ আৰু নিয়ন্ত্ৰণ আছে। তদুপৰি, ২০২০ চনৰ জুলাইত নেপাল তদানীন্তন প্ৰধানমন্ত্ৰী কে পি অলিক হানি ট্ৰেপিঙত ফচোৱাৰ খবৰো সেই সময়ত ওলাইছিল। তদুপৰি, নেপালৰ ৰাজনীতিত ভাৰতবিৰোধী বাতাবৰণ সৃষ্টিতো ৰাজদূতগৰাকীৰ অৰিহনা আছে। য়াংকিৰ কথা মতেই নেপালৰ সংসদত ভাৰতৰ উত্তৰাখণ্ডৰ কালাপানী, লিম্পিয়াধুৰা আৰু লিপুলেখত সামৰি নেপালৰ মানচিত্ৰ এখন অনুমোদিত হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতৰ বিৰুদ্ধে চীনৰ এইটোৱেই নীতি। নিজৰ মানচিত্ৰতত ভাৰতৰ ভূমি অন্তৰ্ভুক্ত কৰি সেইবোৰ চীনৰ বুলি দাবী কৰা আৰু অশান্তিৰ সৃষ্টি কৰা। চীনে নেপালৰ জৰিয়তে একেই নীতি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। ইয়াৰ বিপৰীতে চীনে নেপালৰ বহু ভূমি বেদখল কৰি আছে যদিও হানিং ট্ৰেপিং অৰ্থাৎ যৌনতাৰ জালখনৰ বাবে প্ৰধানমন্ত্ৰী অলিয়ে বি,য়টোত নীৰৱতা অৱলম্বন কৰে।
ইপিনে, নেপালৰ এখন অগ্ৰণী সংবাদপত্ৰ ‘দ্য কাঠমাণ্ডু পোষ্ট’ (The Kathmandu Post)ৰ মতে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী এই কেইদিন কাঠমাণ্ডুত আছে। তেওঁ বান্ধৱী সুমনিমা উদাসৰ বিবাহত ভাগ লোৱাৰ বাবে দেশখনত আছে। সেই ভ্ৰমণটোতে কংগ্ৰেছ নেতাজনৰ এটা নাইট ক্লাবৰ ভিডিঅ’ এটা সামাজিক মাধ্যমত ভাইৰেল হয়।ভিডিঅ’টোত এগৰাকী মহিলাৰ সৈতে কাণে কাণে কথা পাতি থকা দেখা যায়। নেটিজেনৰ দাবী অনুসৰি, মহিলাগৰাকী নেপালৰ চীন ৰাজদূত য়াংকি।
প্ৰসংগক্ৰমে উল্লেখ্য যে ৰাহুল গান্ধীয়ে সময়ে সময়ে কৰা বিদেশ ভ্ৰমণ প্ৰায়েই বিতৰ্কত সোমাই পৰে। এইবাৰ কাঠমাণ্ডুত চীনৰ ৰাষ্ট্ৰদূতৰ সৈতে নাইট ক্লাবত দেখা পাই সমগ্ৰ দেশখনৰ নেটিজেন আৰু সাধাৰণ নাগৰিক জ্বলি-পকি উঠিছে। ইয়াৰ কাৰণ অনুধাৱন কৰিবলৈ অধিক সময় নালাগে। চীনে সততে ভাৰতক শ’লঠেকত পেলাবলৈ অপচেষ্টা চলাই আহিছে। সেইখনৰ দেশৰ বিতৰ্কিত ৰাজদূতৰ সৈতে ৰাহুল গান্ধীক নাইট ক্লাবৰ দৰে স্থানত দেখিলে মানুহৰ খং চুলিৰ আগ পাবই। তদুপৰি চীনৰ সৈতে কংগ্ৰেছৰ সম্পৰ্কও সন্দেহৰ আৱৰ্তত। ছোনিয়া গান্ধীয়ে কেইবছৰমান পূৰ্বে চিনৰ শাসক কমিউনিষ্ট পাৰ্টীৰ সৈতে বুজাবুজিৰ চুক্তি কৰিছিল। চুক্তিৰ বিষয় কি আছিল, তাক আজিলৈকে কংদ্ৰেছে ৰাজহুৱা কৰা নাই।