লাভ জেহাদ : মধ্যপ্ৰদেশত কাজীক নিয়ন্ত্ৰণ কৰিব উলেমা ব'ৰ্ডে, অসমত কেতিয়া?





ধৰ্মীয় পৰিচয় গোপন কৰি হিন্দু বা আন ধৰ্মৰ যুৱতী-কিশোৰী-মহিলাক প্ৰেমৰ জালত পেলোৱা মুছলমান লাভ জেহাদীক লৈ লাহে লাহে সমগ্ৰ ভাৰতবৰ্ষ সতৰ্ক আৰু সচেতন হ'বলৈ ধৰিছে। কেইবাখনো ৰাজ্যত ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰো দিহা কৰা হৈছে। ইয়াৰ মাজতে লাভ জেহাদক ৰুধিবলৈ অ'ল ইণ্ডিয়া উলেমা ব'ৰ্ডৰ মধ্যপ্ৰদেশ সমিতিৰ অধ্যক্ষ কাজি চৈয়দ আনছ আলী নদভিয়ে কয় যে লাভ জিহাদ অনুচিত। তেওঁ প্ৰদেশখনৰ সকলো কাজীলৈ পত্ৰ লিখি এই ক্ষেত্ৰত আৱশ্যকীয় ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে। ভূপালত ইয়াক কাৰ্যকৰীও কৰা হৈছে। অৰ্থাৎ নিকাহৰ সময়ত পাত্ৰ আৰু পাত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে। আনহাতে, লাভ জেহাদক লৈ মধ্যপ্ৰদেশত কিছু অভিযোগ লাভ কৰা বুলি তেওঁ সংবাদমাধ্যমৰ আগত কয় আৰু সেইবোৰৰ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস দিয়ে। তেওঁ কয়, অভিযোগসমূহৰ তদন্ত কৰাই আছো। তেওঁ লগতে নিকাহ কৰোৱা কাজীসকলোলৈ আহ্বান জনাই কয় যে এনে নিকাহ নপঢ়িব যাতে দেশত শান্তি বাহাল থাকে।

নদভিয়ে কয়, অভিযোগ পাই আছোঁ যে দুটা ভিন্ন ধৰ্মী যুৱক-যুৱতীক কাজীয়ে গোপনে নিকাহ কৰোৱাই আছে। যিবোৰৰ বাবে পাছলৈ প্ৰতিবাদ-উত্তেজনাৰ সৃষ্টি হয়।

নদভিয়ে পত্ৰত লিখিছে, পিতৃ-মাতৃৰ উপস্থিতি আৰু সন্মতি অবিহনে নিকাহ কৰোৱা অনুচিত। নিকাহৰ পঞ্জীয়নৰ সময়তে অত্যাৱশ্যকীয় নথি-পত্ৰ সম্পূৰ্ণৰূপে পৰীক্ষা-নিৰীক্ষা কৰি লোৱাটোও জৰুৰী। সন্তুষ্ট হোৱাৰ পিছতহে নিকাহ কৰাব লাগে।


#নিকাহৰ বাবে ধৰ্ম পৰিৱৰ্তন ঠিক নহয়

কাজী নদভিয়ে কয়- কেইবাটাও ঘটনা পোহৰলৈ আহিছে, কেৱল নিকাহ পঞ্জীয়নৰ বাবে পাত্ৰীৰ ইছলাম নাম ৰখা হৈছে। অৰ্থাৎ ধৰ্ম পৰিৱৰ্তন কৰা হৈছে। ইয়াত পাত্ৰ আৰু পাত্ৰী দুয়োৰে অংশীদাৰিত্ব থাকে। কিন্তু নিকাহ আৰু ইছলামী পদ্ধতিত বিবাহ কেৱল বিবাহৰ বাবে। ধৰ্ম পৰিৱৰ্তনৰ বাবে নহয়। ইয়াৰ আইনী মান্যতাও নাই।


মধ্যপ্রদেশ উলেমা ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে কয় যে তেনেদৰে নিকাহ কৰোৱাৰ অৰ্থ হৈছে আইন অমান্য কৰা। এনে ব্যক্তি নিজৰ সম্প্ৰদায়ৰ বাবে অপৰাধী। যিসকল কাজীয়ে এনে নিকাহ পঢ়ে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেৱল বিবাহৰ বাবে ধৰ্ম পৰিৱৰ্তনক ইছলামে অনুমতি নিদিয়ে।


এতিয়া প্ৰশ্ন হৈছে, মধ্যপ্ৰদেশত উলেমা সমাজখন লাভ জেহাদৰ বিৰুদ্ধে এইদৰে আগবাঢ়ি আহিছে। অসমত কেতিয়া? ৰাজ্যখনত প্ৰায় প্ৰতিদিনে লাভ জেহাদৰ ঘটনা ঘটে। কোনো নহয় কোনো কাজীয়ে সেইবোৰ নিকাহ পঢ়ে। কাজীসকলক নিয়ন্ত্ৰণ কোনে কৰিব?

5 views0 comments