DSP ৰ পোছাক পিন্ধিলে লাভলীনা বৰগোহাঁয়ে






অসম আৰক্ষীৰ পোছাক পিন্ধিলে টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী দেশৰ গৌৰৱ অসমৰ লাভলীনা বৰগোহাঁয়ে। বুধবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ উপস্থিতিত উপ–আৰক্ষী অধীক্ষক পদত যোগ দিলে লাভলীনা বৰগোঁহায়ে। এই কাৰ্যসূচীত উপস্থিত থাকিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও।


গুৱাহাটীৰ জনতা ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠান। উল্লেখযোগ্য যে ২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছত পদক লাভ কৰিছিল লাভলীনা বৰগোহাঁইয়ে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ DSP পদ প্ৰদান কৰিছিল লাভলীনা বৰগোঁহাইলৈ।


টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলিনা বৰগোঁহাই কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত পদক জয় কৰিবলৈও আগ্ৰহী।


অৱশ্যে লাভলিনাৰ চূড়ান্ত লক্ষ্য হৈছে পেৰিছ ২০২৪ ত তেওঁৰ অলিম্পিক পদকৰ ৰং সলনি কৰা। "মোৰ লক্ষ্য হৈছে ২০২৪ চনৰ অলিম্পিকৰ স্বৰ্ণ জয় কৰা। কিন্তু মই এতিয়া সৰু সৰু পদক্ষেপ ল'ব লাগিব, যেনে বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, আৰু এছিয়ান গেমছ। এইবোৰত মই ভাল প্ৰদৰ্শন কৰিব লাগিব। মই নিজকে পৰীক্ষা কৰাৰ সুযোগ পাম।" - এনেদৰে নিজৰ লক্ষ্যৰ সন্দৰ্ভত কয় লাভলীনাই।


সম্প্ৰতি গুৱাহাটীত লাভলীনা বৰগোহাঁই গুৱাহাটীত আছে যদিও বিহুৰ পিছতে পাটিয়ালাৰ অনুশীলনলৈ পুনৰ উভটি যাব।


উল্লেখযোগ্য যে হৈছে টকিঅ' অলিম্পিকত পদক জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে লাভলীনা বৰগোহাঁই।ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ ক্ৰীড়া জগতত ইতিহাস ৰচিবলৈ সক্ষম হৈছিল লাভলীনাই।

5 views0 comments