গোৱালপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড : ৫০ হাজাৰ টকা নাপাই মাহীমাকক হত্যা





সোমবাৰে নিশা গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত হীৰাপাৰাত মাহীমাকক ঘপিয়াই হত্যা কৰে পাষাণ পুত্ৰই। ঘাতক পুত্ৰই মাহীমাকৰ পৰা ৫০ হাজাৰ টকা বিচাৰিছিল। টকা নিদিয়াত দাৰে ঘপিয়াই হত্যা কৰে।


হত্যাকাণ্ডৰ বাতৰি পোৱাৰ পিছতে মৰনৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ ঘাতককো গ্ৰেপ্তাৰ কৰে।




স্থানীয় লোকৰ ভাষ্য অনুসৰি, নিহত বসু দাস হত্যাকাৰী অসীম দাসৰ মাহীমাক । ইফালে, পৰিয়ালৰ লোকৰ অভিযোগ মতে, মাহীমাকক পৰা অসীমে ৫০ হাজাৰ টকা দাবী কৰিছিল। টকা দিব নোৱাৰা বাবে মাহীমাকক হত্যা কৰে।

8 views0 comments