মেঘালয় প্ৰদেশ টিএমচিত সভাপতিৰ দায়িত্ব মহিলাক দিলে মমতা বেনাৰ্জীয়ে




মেঘালয়ত কংগ্ৰেছৰ বৰঘৰত সিন্ধি খান্দি একেদিনাই অস্তিত্বহীনৰ প্ৰধান বিৰোধী দলত পৰিণত হোৱা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ এতিয়া ব্যস্ত সাংগঠনিক শক্তি বৃদ্ধিত। সোমবাৰে তৃণমূলৰ মেঘালয় প্ৰদেশ সমিতি গঠন কৰি দিয়ে মমতা বেনাৰ্জীয়ে। সমিতিত কংগ্ৰছ ত্যাগ কৰি কেইদিনমান পূৰ্বে টিএমচিত যোগদান কৰা বিধায়ক চাৰ্লছ পিংৰোপক সভাপতিৰ দায়িত্ব দিয়া হয়। মমতা বেনাৰ্জীয়ে সামাজিক মাধ্যমত এই কথা সদৰি কৰিছে।


উল্লেখ্য যে ২৫ নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত ১২জনীয়া বিধায়কৰ দল এটাই কংগ্ৰেছ এৰি টিএমচিত যোগদান কৰিছিল। তাৰেই এগৰাকী পিংৰোপ নামৰ মহিলাগৰাকী।

4 views0 comments