ত্ৰিপুৰা হৈ দিল্লী দখল কৰিব নোৱাৰে মমতা বেনাৰ্জীয়ে



বিধ্বস্তপ্ৰায় অৱস্থাৰ পৰা ঠন ধৰি উঠালৈকে কংগ্ৰেছ যিমান সময় লাগিব, তাৰে পূৰ্বেই দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যাব। ইয়াৰ সৰল অৰ্থটো হৈছে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিক প্ৰত্যাহ্বান জনাব পৰাকৈ দলটো শক্তিশালী হৈ উঠাৰ সম্ভাৱনা তেনেই ক্ষীণ। দেশৰ বাকী ৰাজনৈতিক দলৰ মাজতো মত বিভেদ যথেষ্ট। বিজেপিবিৰোধী আন দলসমূহৰ কৰ্মক্ষেত্ৰ নিৰ্দিষ্ট পৰিধি একোটাত সীমাবদ্ধ। তেওঁলোকে সেই পৰিধিৰ মাজতে নিজৰ প্ৰভুত্ব ৰক্ষাৰ যুঁজত ব্ৰতী হৈ থাকিবলগীয়া হোৱাত ক্ষেত্ৰভেদে বিজেপিবিৰোধী দলৰ মাজতে সংঘাত আৰু মতানৈক্য লক্ষণীয়ভাৱে অধিক। এনে অৱস্থাত সকলো বিজেপিবিৰোধী দল একত্ৰ হৈ ২০২৪ চনত অনুষ্ঠিতব্য সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো সম্ভৱপৰ নহয়। উত্তৰপ্ৰদেশৰ দুই সক্তিশালী দল সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰ মাজত মতবিভেদ আৰু ৰাজৈনিতক সংঘাত সুস্পষ্ট। পশ্চিমবংগত বাওঁপন্থীৰ সৈতে তৃণমূল কংগ্ৰেছৰ সম্পৰ্ক তেল-পানীৰ দৰে। দক্ষিণৰ ৰাজ্যকেইখনতো আঞ্চলিক ৰাজনৈতিক দলৰ মাজত আন্তঃসংঘাতৰ মাত্ৰা অধিক। এনে অৱস্থাত বিজেপিক শক্তিশালী ৰূপত বিৰোধী শিবিৰে প্ৰত্যাহ্বান জনাব পাৰিব বুলি আশা কৰিব নোৱাৰি। দল হিচাপে কংগ্ৰেছৰে কিছু সম্ভাৱনা আছে। কিন্তু মনোবল আৰু আত্মবিশ্বাসৰ মাপকাঠীত দলটো বৰ্তমান সবাতকৈ নিম্ন স্তৰত আছে। নেতৃত্বৰ দুৰ্বলতা, সাংগঠনিক শক্তিহীনতা, প্ৰয়োজনীয় ৰমকৌশল উদ্ভাৱনত ব্যৰ্ততা াদিয়ে কংগ্ৰেছক িতিমধ্যে বহু বছৰ পিছলৈ লৈ গ’ল। ভাৰতী. ৰাজনীতিত কংগ্ৰেছৰ পুনৰুত্থান এতিয়া অসম্ভৱপ্ৰায়। এই প্ৰেক্ষাপটত বিজেপিবিৰোধী শিবিৰৰ বাবে অলপ আশাৰ সঞ্চাৰ কৰিছে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ তথা বিজেপিৰ কৌশলী ৰাজনীতিৰ অকলে মোকাবিলা কৰি সাফল্য লাভ কৰিছে। সেই সাফল্যৰ পিছত দেশৰ অন্যান্য অংসত তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীৰ প্ৰতি আগ্ৰহ বাঢ়িছে। কিন্তু ই অদ্যাপি দুই-এখন ৰাজ্যত নেতাৰ পৰ্যায়তে আবদ্ধ আছে। জনসাধাৰণৰ আস্থা আৰু বিশ্বাস অৰ্জনৰ পৰ্যায়লৈ উত্তৰণ ঘটা নাই। যেতিয়ালৈকে তৃণমূল কংগ্ৰেছে সেইটো স্তৰত উপনীত নহয়, তেতিয়ালৈকে দলটোৱে বিজেপিক বিশেষ প্ৰত্যাহ্বান জনাব পাৰিব বুলি আশা কৰিব নোৱাৰি। তদুপৰি, দলটোৱে পশ্চিমবংগৰ পৰিসীমা পাৰ হৈ দেশৰ অন্যান্য অংশত খোপনি পুতিবলৈ লোৱাৰ প্ৰথম অৱস্থাৰ পৰাই বিজেপি নহয়, কংগ্ৰেছৰ সৈতে ৰাজনৈতিক সংঘাতত লিপ্ত হ’বলগীয়া হৈছে। তৃমমূল কংগ্ৰেছলৈ অহা সিংহভাগ নেতা কংগ্ৰেছৰ পৰা অহা। ইয়াক কংগ্ৰেছে সহজভাৱে লোৱাৰ আশা নাই। মানে, তৃণমূল কংগ্ৰেছৰ শক্তি যিমানেই বাঢ়িব, সিমানেই কংগ্ৰেছৰ সৈতে দলটোৰ সৰ্বভাৰতীয় পৰ্যায়ত নিৰ্বাচনী মিত্ৰতা হোৱাৰ সম্ভাৱনা কমি যাব। কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাট বন্ধ হোৱা মানে ইউপিএৰ আন অংশীদাৰ সংগঠনৰ সৈতেও তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী মিত্ৰতাৰ ক্ষেত্ৰখনো সংকুচিত হৈ পৰিব। ইয়ে তৃমমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীৰ আশাত চেঁচাপানী পেলোৱাৰ সম্ভাৱনা আছে। মানে বিজেপিৰ শক্তিশালী বিকল্প হ’ব বিচৰা তৃণমূল কংগ্ৰেছ বিৰোধীৰ শক্তিক্ষয়ৰ প্ৰধান কাৰক হৈ উঠিব পাৰে। ইয়াৰ লাভ বিজেপিৰ সপক্ষেহে যাব পাৰে। এইক্ষেত্ৰত মমতা বেনাৰ্জীয়ে ত্ৰিপুৰাত ২০২৩ চনত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনক দিল্লী জয়ৰ ছেমি ফাইনেল হিচাপে লৈছে যদিও ই বিশেষ সহায়ক হ’ব বুলি ক’ব নোৱাৰি। তদুপৰি, ৰাজ্যখনত বিজেপিক পৰাভূত কৰা সিমান সহজো নহ’ব। ৰাজ্যখনত বাওঁপন্থীৰে নিৰ্বাচনী মিত্ৰতাত আবদ্ধ হ’লে, তাৰ বিপৰীত প্ৰভাৱ পশ্চিমবংগৰ ৰাজনীতিত পৰাৰ সম্ভাৱনাও আছে। কংগ্ৰেছৰ সৈতে ত্ৰিপুৰাৰত নিৰ্বাচনী মিত্ৰতাই বৰ বিশেষ ফল দিয়াৰ আশা নাই।


২০১৮ চনত ত্রিপুৰা বিধানসভা নির্বাচনত ৪৩.৫৯ শতাংশ ভোট লাভ কৰি বিজেপিয়ে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা অর্জন কৰিছিল। ৰাজ্যখনৰ শাসনৰ পৰা বাওঁপন্থীক উৎখাত কৰিছিল। বিজেপিৰ বাবে সেইটো এটা ঐতিহাসিক জয় আছিল। কিয়নো বাওঁপন্থীৰ সৈতে বিজেপিৰ যুঁজখন মতাদৰ্শৰ। ৰাজ্য যিয়েই নহওক, বাওঁপন্থীক ক্ষমতাচ্যুত কৰাটো বিজেপিৰ বাবে চিৰদিনেই এটা মধুৰ সোঁৱৰণি হৈ থাকিব। নিৰ্বাচনটোত বিজেপিৰ বাবে সাফল্যৰ বাটটো মুকলি কৰি দিছিল আৰএছএছ নেতা সুনীল দেওধৰে। তাক ৰাজনৈতিক সাফল্যত পৰিণত কৰিছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ আৰু কৌশলী ৰাজনীতিয়ে। সময়ছোৱা বিজেপিৰ বাবে সোণালী আছিল। সমগ্ৰ দেশখনৰ ২১খন ৰাজ্যত বিজেপি ক্ষমতাৰ অংশীদাৰ আছিল।

এতিয়া বিজেপিৰ নতুন দুৰ্গটোত আঘাত হানি দিল্লী দখলৰ স্বপ্ন ৰচিছে মমতা বেনাৰ্জীয়ে। বাংলাভাষী ভোটাৰেৰে পৰিপূৰ্ণ ৰাজ্যখনৰ ৰাজনীতি কিন্তু পশ্চিমবংগৰ সৈতে একে নহয়। পশ্চিমবংগত মেৰুকৰণৰ ৰাজনীতিক জনসাধাৰণে গুৰুত্ব নিদিলে। ত্ৰিপুৰাত সেইটো আশা কৰিব নোৱাৰি। পৰিৱৰ্তিত পৰিৱেশ আৰু জনগণৰ পৰিৱৰ্তিত আশা আৰু তাগিদাই ত্ৰিপুৰাৰ ৰাজনীতিক এটা বেলেগ অৱস্থালৈ লৈ গৈছে। বাংলাদেশৰ গাতে লাগি থকা ৰাজ্যখনত ধৰ্মীয় মেৰুকৰণ এতিয়া ৰাজনীতিৰ অন্যতম অংশ। এই প্ৰসংগত বিজেপি কিয় ভাৰতত ৰাজনৈতিকভাৱে অপ্ৰতিৰোধ্যপ্ৰায় হৈ পৰিছে, তাক এবাৰ ফহিয়াই চোৱা দৰকাৰ। বিষয়টোত ৰোহিত কুমাৰে চমকপ্ৰদ গৱেষণা েটা কৰিছে। ‘দ্য বিজেপি’জ় ইলেকচন ষ্ট্ৰেটেজী অবস্কিয়ৰ্ছ দ্য লোকেল ইন ফেভাৰ অৱ দ্য নেচনেল শীৰ্ষক প্রৱন্ধত তেওঁ দেখিৱািছে কিদৰে বিজেপিৰ তীব্ৰ আগ্ৰাসী হিন্দুত্বৰ ৰাজনীতিৰ ওচৰত ক্ৰমশঃ পৰাজিত হৈ গৈছে আঞ্চলিক বিষয়, আঞ্চলিক নেতৃত্ব আৰু ৰাজ্যিক ৰাজনীতি। বিজেপির রাজনৈতিক হিন্দুত্বৰ প্রতিস্পর্ধী মতাদর্শক সাধাৰণ মানুহে আপোন কৰি ল’ব পৰাকৈ কোনো ৰূপ প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হোৱা হেতুকে বিৰোধী শিবিৰ বাৰে বাৰে বিজেপিৰ হাতত পৰাজিত হ’বলগীয়া হৈছে। দেশৰ সবাতকৈ প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছ একপ্ৰকাৰ বিধ্বস্তপ্ৰায় হৈ পৰিছে। বিজেপিক পৰাজিত কৰিবলৈ আৰ্যাবৰ্তত মতাদৰ্শগত ভাবেৰে সমুজ্জ্বল চেহেৰা এটা প্ৰয়োজন। পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে সেই ভাবনাটোক ব্যৱহাৰ কৰাত সফল হৈছিল। হিন্দুত্ব বনাম বাঙালীত্বৰ যুঁজখনত বিজেপিৰ পৰাজয় গটিছিল। কিন্তু সৰ্বভাৰতী. পৰ্যায়ত তৃণমূল কংগ্ৰেছে ইয়াক কাৰ্যকৰী কৰাত সফল হোৱাৰ সম্ভাৱনা নাই।


২০১৯ চনত লোকসভা নির্বাচনত পৰাজিত হোৱাৰ পিছত পৰাজয়ৰ কৰাণ অনুসন্ধানৰ আৰু বিপৰ্য়য় ৰোধত উপায় উদ্ভাৱনাৰ বাবে কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক এখন বহিছিল। বৈঠকত সকলোৱে বিভিন্ন মত-উপদেশ দিলে। ভুল-ভ্ৰান্তি দেখুৱাই দিলে। কিন্তু বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ সৈতে কিদৰে মোকাবিলা কৰা হ’ব প্ৰশ্নটোত কাৰোৱেই উত্তৰ নাহিল। অৰ্থাৎ বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ হাতত কোনো উত্তৰেই নাছিল। সেইবাবেই দলটোৱে নিৰ্বাচনত বিভিন্ন আঁচনিৰ কথা ক’লেও বিজেপিক নীতিগত দিশৰ পৰা পৰাজিত কৰাত আজিলৈকে কোনো কৌশল ুদ্ভাৱনা কৰিব পৰা নাই। এইটো কাৰণতে কংগ্ৰেছৰ পৰাজয় এতিয়া সাধাৰণ কথাত পৰিণত হৈছে। দলটোৰ পৰা বৃহৎ কিবা আশা কৰাৰ লোকৰ সংখ্যা দিনক দিনে কমি আহিছে।

কংগ্ৰেছৰ তুলনাত মতাদৰ্শগত দিশত তৃণমূল কংগ্ৰেছৰ স্থিতি আৰু সাফল্যৰ গ্ৰাফডাল অধিক সন্তোষজনক। কিন্তু পশ্চিমবংগৰ পৰিধি পাৰ হৈ দলটোৱে পৰীক্ষাটোত এতিয়ালৈকে অৱতীৰ্ণ হোৱা নাই। ত্ৰিপুৰাত পশ্চিমবংগৰ দৰে বাংলাভাষী লোক অধিক যদিও তাত তৃণমূলৰ নীতিটো সফল হোৱাৰ সম্ভাৱনা কম বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ত্রিপুৰাৰ প্রায় ৬৪ শতাংশ মানুহ বাংলাভাষী। এইটোৱেই ত্ৰিপুৰাত নিৰ্বাচনী সাফল্য লাভৰ বাবে একমাত্ৰ চৰ্ত হ’ব নোৱাৰে। ৰাজ্যখনত বাওঁপন্থীৰ পতনৰ লগে লগে সেই ৰাজনীতিৰ অৱসান ঘটিছে। ইয়াৰ বিপৰীতে বিজেপিৰ নতুন ৰাজনীতিৰ প্ৰৱেশ ঘটিছে। মুঠতে এটা কথা ক’ব পাৰি যে ত্ৰিপুৰাই মমতা বেনাৰ্জীক দিল্লী জয়ত বিশেষ একো সহয় নকৰে। তাতাকৈ ডাঙৰ কথা হৈছে ৰাজ্যখনত তৃণমূল কংগ্ৰেছ সফল হ’বনে? এইটোও কিন্তু কোটিটকীয়া প্ৰশ্ন।

4 views0 comments