গ্ৰেপ্তাৰৰ পিছত মমতা দিদি মমতা দিদি ক্ৰন্দন অসমীয়াবিদ্বেষী প্ৰদীপ দত্ত ৰয়ৰ





বৰাকত অসমীয়া জাতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি এটাৰ পিছত এটাকৈ অসমীয়াবিৰোধী মন্তব্য আৰু দুস্কাৰ্য সংঘটিত কৰি অহা প্ৰদীপ দত্ত ৰয় নামৰ তথাকথিত বাঙালী নেতাজনক অৱশেষত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৰাকৰ প্ৰশাসনক বিগত কিছুদিন ধৰি আঙুলিৰ মূৰত নচুওৱা প্ৰদীপ দত্ত ৰয়ক দিছপুৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয়। প্ৰদীপ দত্ত ৰয়ক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাৰ পিছতে স্পষ্ট হৈ পৰিছিল যে বৰাকৰ বদনটোৰ গ্ৰেপ্তাৰ সন্নিকট।


ইফালে, ইমান দিনে বিজেপিৰ স্থিতি আৰু ৰাজনৈতিক বাধ্যবাধকতাৰ সুযোগ লৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত ঘৃণাৰ বীজ সিঁচি থকা প্ৰদীপ দত্ত ৰয়ে গ্ৰেপ্তাৰৰ পিছতে দিদি মমতা দিদি মমতা চিঞৰিবলৈ আৰম্ভ কৰিছে। বিজেপি নেতৃত্বৰ ৰুদ্ৰমূৰ্তি দেখি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আশ্ৰয়ত নিজকে সুৰক্ষিত কৰিব বিচাৰিছে অসমৰ শত্ৰুটোৱে।



টানত পৰি হিন্দু-মুছলমান সকলো বাঙালীৰে অসমত সংকট সৃষ্টি হৈছে বুলি আস্ফালন কৰি বিষয়টোক মমতা বেনাৰ্জীৰ ত়ণমূল কংগ্ৰেছৰ অনুকুলে নি নিজৰ বাবে ৰাজনৈতিক ভেটি এটা সৃষ্টিৰ অপচেষ্টাত লিপ্ত হৈছে দত্ত ৰয়। ৰয়ে কয়- অসমৰ বিজেপি চৰকাৰ বাঙালীবিৰোধী। মোক গ্ৰেপ্তাৰ কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বৰাক উপত্যকাৰ বাঙালীকে মই আবেদন কৰিছোঁ, অসমত বাঙালী আজি বিপদাপন্ন। তেওঁ লগতে কয়-

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীক অনুৰোধ জনাইছো, আপুনি আহক আৰু চাওক অসমৰ বাঙালী হিন্দু-মুছলিম কিমান বিপন্ন।

11 views0 comments