আজি মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু পণ্ডিচেৰীত টীকাকৰণৰ স্থিতি পৰীক্ষা কৰিব মন্দাভিয়াই




আকৌ এবাৰ ক'ভিড ভেকচিন ৰ ক্ষেত্ৰত এইবাৰ উঠি পৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ । আজি ২২ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াই মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈ কম লোকক কোভিড টীকাৰ প্ৰথম পালি প্ৰদান কৰা ৰাজ্য ক্ৰমে মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু পণ্ডিচেৰীত টীকাকৰণৰ স্থিতি তথা পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিবলৈ এখন বৈঠকৰ আয়োজন কৰিব । উল্লেখযোগ্য যে টীকাৰ প্ৰথম পালি প্ৰদান সম্পূৰ্ণৰ হাৰ মেঘালয়ত ৫৬.৭%, মণিপুৰত ৫৪.২%, নাগালেণ্ডত ৪৯% আৰু পণ্ডিচেৰীত ৬৫.৭% । চৰকাৰে এক মাহজোৰা 'হৰ ঘৰ দস্তক' শীৰ্ষক কেম্পেইন চলাইছে যাৰ অধীনত মানুহৰ ঘৰে ঘৰে গৈ টীকা লাভ নকৰা লোকসকলক দুয়োপালি টীকা প্ৰদান কৰা হ'ব । দুয়োপালি টীকাৰ মাজৰ উল্লিখিত ব্যৱধানৰ ম্যাদ উকলি যোৱাৰ পাছতো দ্বিতীয় পালি টীকা নোলোৱা লোকৰ সংখ্যা হৈছেগৈ ১২ কোটিতকৈ অধিক । জানিব পৰামতে দেশত প্ৰায় ৮২ শতাংশ যোগ্য জনতাই ইতিমধ্যে কোভিড টীকাৰ প্ৰথম পালি লাভ কৰিছে আৰু ৪৩ শতাংশ লোক সম্পূৰ্ণৰূপে টীকাপ্ৰাপ্ত হৈছে । ইতিমধ্যে দেশত ১১৬.৫০ কোটি পালি টীকা প্ৰশাসিত কৰা হৈছে ।

6 views0 comments