মন কী বাত বৰ্তমান সকলো মুখ্য অডিঅ', সংগীত প্লেটফৰ্মত উপলব্ধ




প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহিলী অনুষ্ঠান 'মন কী বাত' বৰ্তমান দেশৰ গোটেই মুখ্য অডিঅ', সংগীত প্লেটফৰ্মত উপলব্ধ হৈছে যিয়ে দেশৰ বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰচাৰ হোৱাত সহায় কৰিব । এতিয়া ৰে পৰা টিভি, ৰেডিঅ', NaMo এপ আৰু YouTube-ৰ বাহিৰেও এতিয়া এই অনুষ্ঠান Spotify, Hungama, Gaana, JioSaavn, Wynk আৰু Amazon Music আদিৰ দৰে প্লেটফৰ্মবোৰতো উপলব্ধ হৈছে মন কী বাত কাৰ্যক্ৰম। ইয়াৰ ফলত মন কী বাত অনুষ্ঠানটো কোনো বাধা অবিহনে মানুহে চাব পাৰিব । ২০১৪ চনত শাসনলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কাৰ্যক্ৰমৰ আৰম্ভণি কৰি আহিছে য'ত তেওঁ প্ৰতিমাহে যিকোনো বিষয়ৰ ওপৰত কথা কয় । সাধাৰণতে এই অনুষ্ঠান মাহৰ শেষৰটো ৰবিবাৰত অনুষ্ঠিত হয় । ইয়াৰ প্ৰথমটো খণ্ড সম্প্ৰচাৰিত হৈছিল ২০১৪ চনৰ অক্টোবৰ মাহত আৰু তেতিয়াৰ পৰাই ই নিৰন্তৰ চলি আহিছে । কেৱলমাত্ৰ ২০১৯ চনত লোকসভা নিৰ্বাচন চলি থকাৰ বাবে সাময়িকভাৱে এই অনুষ্ঠানক স্থগিত ৰখা হৈছিল ।

2 views0 comments