মাওবাদীক অস্ত্ৰ যোগান : চিআৰপিএফ জোৱানসহ তিনিজন এটিএছৰ জালত





মাওবাদীক অস্ত্ৰ যোগানৰ অভিযোগত বিহাৰৰ পৰা গ্ৰেপ্তাৰ হৈছে চিআৰপিএফৰ জোৱান এজন। তেওঁক বিহাৰ আৰক্ষীৰ সহযোগত ঝাৰখণ্ড এটিএছৰ দল এটাই গ্ৰেপ্তাৰ কৰে। চিআৰপিএফ জোৱানজনৰ লগতে একেটা অভিযোগত আন দুজন লোককো এটিএছে গ্ৰেপ্তাৰ কৰিছে।




ঝাৰখণ্ড এটিএছৰ আৰক্ষী অধীক্ষক প্ৰশান্ত আনন্দে মঙলবাৰে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয় যে চিআৰপিএফ জোৱানসহ গ্ৰেপ্তাৰ হোৱা লোক তিনিওজনে নিষিদ্ধ মাওবাদীক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছিল। ইয়াৰে চিআৰপিএফ জোৱানজনৰ নাম হ’ল- অবিনাশ কুমাৰ ওৰফে ছুন্নু শৰ্মা। শৰ্মাৰ ঘৰ বিহাৰৰ গয়া জিলাৰ ইমামগঞ্জত। তেওঁ চিআৰপিএফৰ ১৮২নং বেটেলিয়নত কৰ্মৰত। আন দুজনৰ নাম ঋষি কুমাৰ আৰু পংকজ কুমাৰ সিং।


আৰক্ষী অধীক্ষক প্ৰশান্ত আনন্দে লগতে কয় যে বিহাৰ আৰক্ষীৰ সহযোগত অবিনাশ আৰু ঋষিক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ হয়। পংকজক ঝাৰখণ্ড আৰক্ষীয়ে ৰাঁচীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

13 views0 comments