বিহাৰত এটা পৰিয়ালৰ ৪ সদস্যক হত্যা কৰি ওলমাই থ'লে মাওবাদীয়ে




মহাৰাষ্ট্ৰত প্ৰায় ডেৰকুৰি সতীৰ্থক হেৰুওৱাৰ দিনাই বিহাৰত এটা ভয়ংকৰ আক্ৰমণ চলায় মাওবাদীয়ে। আৰক্ষীৰ চোৰাংচোৱা বুলি অভিযোগ তুলি এটা পৰিয়ালৰ চাৰিজন সদস্যক মৃত্যুদণ্ড বিহে মাওবাদীয়ে। সন্ত্ৰাসবাদীয়ে বোমাৰে পৰিয়ালটোৰ দুটা ধ্বংস কৰে।


শনিবাৰে গভীৰ নিশা সংঘটিত ঘটনাটোৰ মাওবাদীয়ে প'ষ্টাৰিং কৰি দায় স্বীকাৰ কৰে।

ঘটনাটো বিহাৰৰ গয়া জিলাৰ। মাওবাদীয়ে পৰিয়ালটোৰ চাৰিজন সদস্যক হত্যা কৰি ওলমাই থয়।



পুলিশ সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, সৰযপ সিং ভক্তৰ গৃহত বিস্ফোৰণ ঘটে। লগতে পৰিয়ালটোৰ চাৰিজন সদস্যক হত্যা কৰি সাৰ্বজনীনভাৱে ওলমাই থয়। নিহত লোককেইজন হৈছে--সত্যেন্দ্র সিং, মহেন্দ্র সিং, মনোৰমা দেৱী আৰু সুনীতা সিং। চাৰিওকে হত্যাৰ পিছত দেৱালত প'ষ্টাৰ আঁৰি হত্যাৰ কাৰণ লিখি থৈ যায় মাওবাদীয়ে।

7 views0 comments