মাৰ্ঘেৰিটাত অভব্য কাণ্ড : খুলশালীক ধৰ্ষণ কৰি ৰঙাঘৰলৈ লম্পট ভিনীহিয়েক




খুলশালীক বলাৎকাৰৰ অভিযোগত মাৰ্ঘেৰিটা আৰক্ষী হাতত গ্ৰেপ্তাৰ হৈছে এজন লম্পট ভিনীহিয়েক। ঘটনাটো মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীৰ।


দীপক থাপা(২৯) নামৰ লম্পট ভিনীহিয়েকজনে পত্নী নথকাৰ সুযোগত মঙলবাৰে নিজৰে খুলশালীক ধৰ্ষণ কৰে। ঘটনাটোৰ বিষয়ে ধৰ্ষিতাই স্থানীয় মহিলা আৰু গাঁওৰক্ষী বাহিনীক অৱগত কৰে। গাঁওৰক্ষী বাহিনীৰ জৰিয়তে মাৰ্ঘেৰিটা আৰক্ষীয়ে খবৰটো লাভ কৰে আৰু লম্পট থাপাক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা থানাত ২৯০/২০২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি বুধবাৰে লম্পট থাপাক জে'ল-হাজোতলৈ প্ৰেৰণ কৰা হয়।

21 views0 comments