প্ৰধান শিক্ষকৰ পুত্ৰৰ বিয়া : তামুলপুৰত বাতিল এখন বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা




প্ৰধান শিক্ষকৰ ঘৰত চলিছে বিয়াৰ প্ৰস্তুতি। বিদ্যালয়লৈ যোৱাৰ সময় নাই প্ৰধান শিক্ষকৰ। গতিকে বছৰেকীয়া পৰীক্ষা বাতিল। কথাখিনি দৃষ্টিগোচৰ হোৱাৰ লগে লগে আপোনাৰ মনলৈ আহিব পাৰে, এয়াও সম্ভৱনে! মিছা কথা। ভাবিব নোৱাৰা কথাটো কিন্তু সঁচা। অকল সেয়াই নহয়, ঘটনাটো অসমৰে।


তামুলপুৰ জিলাৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পুত্ৰৰ বিয়াৰ বাবে বাতিল হয় বছেৰেকীয়া পৰীক্ষা। পুৱাই পৰীক্ষা দিবলৈ বিদ্যালয়লৈ যোৱা কণ কণ ছাত্ৰ-ছাত্ৰীসকল হতাশমনে উভতিল। বিদ্যালয়লৈ নাহিল প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক।


ইফালে পৰীক্ষা বাতিলৰ পাছতে বিদ্যালয়খনত হুলস্থুল লাগে। খবৰ পাই বিদ্যালয়ত উপস্থিত হয় অভিভাৱক তথা স্থানীয় একাংশ সচেতন লোক।


স্থানীয় লোকৰ অভিযোগ, দীৰ্ঘদিনে বিদ্যালয়খন প্ৰধান শিক্ষকগৰাকীয়ে মইমতালিলে চলাই গৈছে।১৯৫৫ চনতে স্থাপন হোৱা বিদ্যালয়খনত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫০গৰাকী। তাৰ বিপৰীতে শিক্ষক আছে ২জন।এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

4 views0 comments