শ্বহীদ দিৱস আৰু অসম





আজি শ্বহীদ দিৱস। এই দিনটোতে ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহূদ খৰ্গেশ্বৰ তালুকদাৰে অসমী আইক অবৈধ বিদেশী নাগৰিকৰ কবলৰ পৰা মুক্ত কৰি জাতিটোক আত্মপৰিচয় আৰু স্্বাভিমানৰ সৈতে জীয়াই ৰখাৰ বাবে আত্মবলিদান দিছিল। দিনটোৰ পাৰ হৈ হৈ কেইবাটাও দশক অতিক্ৰম কৰিলে। কিন্তু মূল সমস্যাটো আজিও অমীমাংসিত হৈ থাকিল। ৰাজ্যখন অবৈধ বিদেশী নাগৰিকৰ কবলৰ পৰা মুক্ত নহ’ল। বৰং সমস্যাটোৱে ন ন ৰূপ লৈ জাতিটোক নিঃশেষ কৰাৰ দিশেহে লৈ গৈ আছে। অসম আন্দোলনটোৰ মূল ফচল অসম চুক্তিও ৰূপায়ণ নহ’ল। শ্বহীদগৰাকীৰ আত্মবলিদানে আজিও যেন ৰিঙিয়াই কৈ আছে, আমাৰ ত্যাগৰ মূল্য দিয়ক। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ভাষাত, দেশখন গ’ল, কিবা এটা কৰ।


সুদীর্ঘ ছবছৰীয়া অসম আন্দোলনটো এখন চুক্তিৰ জৰিয়তে ১৯৮৫ চনৰ ১৫ আগষ্টত সামৰণি পৰিছিল। সিদিনা অসমৰ চৌদিশে আনন্দৰ জোৱাৰ উঠিছিল। ৰাজ্যখনৰ জনসাধাৰণে উছৱৰ আয়োজন কৰিিছিল। আন্দোলনটোৰ নেতৃত্বত বীৰৰ দৰে অসমলৈ আদৰণি জনাইছিল। কিন্তু সময়ৰ মূৰকত সকলো শূন্য হৈ পৰিল। আজি যদি কোনো অসমীয়াই অসম আন্দোলনৰ কথা মনলৈ আনে বা সোঁৱৰণ কৰে, এটা বেদনাই তেওঁক মনটো বিষাদগধুৰ কৰি তোলে। ান্দোলনটোৱে কি সপোন দেখুৱাইছিল আৰু অসমে পালে কি! অসমখন যে সমস্যাৰ অধিক গভীৰ গমুদ্ৰত পৰিল। জাতিটোৰ ওপৰত এতিয়া বিজতৰীয়া সভ্যতা-সংস্কৃতিৰ আক্ৰমণ চলিছে। কোনোৱে মিঞা মিউজিয়াম দাবী কৰিছে। কোনোৱে মিঞা কবিতাৰে অসমীয়া ভাষাক উপলুঙা কৰিছে। শ্বহীদৰ ত্যাগক ডকাইতি বুলি উপহাস কৰিছে। আজি শ্বহীদ দিৱস। দিনটোত অসম আৰু অসমীয়াই যদি ৬ বছৰীয়া আন্দোলনটোৰ পৰা কি পালো বুলি নিজকে প্ৰশ্ন কৰে, উত্তৰত এটা দীঘল হুমুনিয়াহৰ বাহিৰে একোকেই নাপায়। দেশখন গ’ল। অবৈধ বাংলাদেশীয়ে অসম আৰু অসমীয়াৰ ভাষা-সংস্কৃতি, জাতীয় পৰিচয় সকলোতে আক্ৰমণ কৰিবলৈ লৈছে। এয়াই আছিল নেকি অসম আন্দোলনৰ প্ৰাপ্তি। ইয়াৰ বাবেই অসমৰ জনগণে ছবছৰীয়া আন্দোলন কৰি ৰাজপথলৈ ওলাই গৈছিল নেকি?


১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা অসম চুক্তি স্বাক্ষৰিত হয়৷ এইখন অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিল। কিন্তু স্বাক্ষৰ হোৱাৰ যোৱা ৩৬ বছৰত চুক্তিৰ মূল কোনোটো দফাই ৰূপায়ণ নহ’ল৷ ১৯৭৯ চনত অসমত আন্দোলন আৰম্ভ হৈছিল বিদেশী বহিষ্কাৰৰ দাবীত৷ অর্থাৎ সুদীর্ঘ ছবছৰীয়া আন্দোলনৰ মূল ভিত্তি আছিল বিদেশী চিনাক্ত কৰা আৰু বহিষ্কাৰ কৰা৷ অসম চুক্তি স্বাক্ষৰৰ পাছত চুক্তি অনুসৰি অসমত দুই-এটা কিবাকিবি কাম নোহোৱা নহয়৷ নুমলীগড় শোধনাগাৰ, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, আই আই টি আদি চুক্তি অনুসৰিয়ে অসমলৈ আহিছে৷ এইবোৰ অসম চুক্তিৰে ফচল৷ কিন্তু অসম আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য সেইবোৰ নাছিল৷ উল্লেখ কৰা হৈছে যে অসম আন্দোলনৰ সূত্রপাত হৈছিল মূলতঃ বিদেশী বহিষ্কাৰৰ দাবীত৷ গতিকে অসম চুক্তি ৰূপায়ণ বুলিলে অসমৰ ৰাইজে বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ কথাহে বুজে৷ সমানে আহে উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা প্রসংগ৷ ১৯৭৯ চনত যেতিয়া অসম আন্দোলন আৰম্ভ হৈছিল, সেই সময়ৰ পৰিস্থিতি এতিয়াৰ দৰে নাছিল৷ অর্থাৎ বিদেশী প্রসংগৰে ১৯৭৯ চনৰ তুলনাত এতিয়াৰ পৰিস্থিতি অধিক ভয়াৱহ৷ ১৯৭৯ চনত অসম আন্দোলন আৰম্ভ হোৱাৰ সময়ত ভোটাৰ তালিকাত বিদেশীৰ নাম ধৰা পৰিছিল যদিও সেই সময়ত অসমৰ জনগাঁথনি একপ্রকাৰ সুস্থিৰ হৈ আছিল৷ কিন্তু এতিয়া ৰাজ্যখনৰ ৯খন জিলাৰ জনগাঁথনিৰ পৰিৱর্তন হ’ল৷ সেই ৯খন জিলাত জাতি-ধর্ম নির্বিশেষে অসমৰ খিলঞ্জীয়া মানুহ দ্বিতীয় শ্রেণীৰ নাগৰিকত পৰিণত হৈছে৷ অর্থাৎ উক্ত জিলাসমূহত প্রব্রজিত লোকৰ দপদপনি চলিছে৷ কেৱল ৯খন জিলাই নহয়, অন্য তিনি-চাৰিখন জিলাৰো জনগাঁথনি সলনি হ’বলৈ গৈ আছে৷ পৰৱর্তী এইবাৰৰ লোকপিয়লৰ প্রতিবেদন প্রকাশ পালে সেই চাৰিখন জিলাৰো অৱস্থা একে হ’ব৷


অনুপ্রৱেশে আমাৰ অর্থাৎ অসমৰ খিলঞ্জীয়া মানুহক ৰাজনৈতিকভাৱেও নিঃশেষ কৰি আহিছে৷ জনগাঁথনিৰ পৰিৱর্তন হোৱা জিলাসমূহত ইতিমধ্যে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈছে৷ তেনে ধৰণৰ জিলাৰ ৫০টা বিধানসভা সমষ্টিত ইতিমধ্যে খিলঞ্জীয়া মানুহৰ আধিপত্য হেৰাই গৈছে৷ অর্থাৎ সেই ৫০টা সমষ্টিত খিলঞ্জীয়া মানুহে পোনপটীয়াকৈ কোনো সিদ্ধান্ত দিব নোৱাৰে৷ সেই সমষ্টিসমূহত অন্তিম সিদ্ধান্ত নির্ভৰ কৰে প্রব্রজিত লোকৰ ওপৰত৷ প্রব্রজিত লোক বুলি কওঁতে দেশ বিভাজনৰ সময়ৰ পৰা বর্তমানলৈকে অব্যাহত থকা প্রব্রজনৰ কথাকে কোৱা হৈছে৷ সেই ৫০টা বিধানসভা সমষ্টি বাদ দিলে দেখা যায় যে ৰাজ্যখনৰ অন্য ৪২টা সমষ্টিত আকৌ ভাষিক সংখ্যালঘু অর্থাৎ হিন্দু বাঙালীৰ আধিপত্য৷ এই লোকসকলৰো অধিকাংশই হ’ল প্রব্রজিত৷ এই ৪২টা সমষ্টিতো জাতি, ধর্ম, ভাষা নির্বিশেষে খিলঞ্জীয়া মানুহৰ কোনো ধৰণৰ আধিপত্য নাই৷ এই সমষ্টিকেইটাতো শেষ ৰায় দিয়ে প্রব্রজিত লোকে৷ অর্থাৎ ৰাজ্যখনৰ ১২৬টা সমষ্টিৰ ভিতৰত (৫০+৪২) ৯২টা সমষ্টিতে এতিয়া খিলঞ্জীয়া মানুহৰ পোনপটীয়া নিয়ন্ত্রণ নাই৷ তাৰ অর্থ হ’ল– ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰত এতিয়া মাত্র (১২৬-৯২) ৩৪টা সমষ্টিহে খিলঞ্জীয়া মানুহৰ পোনপটীয়া নিয়ন্ত্রণত আছে৷ এই তথ্যৰ পৰা প্রমাণ হয় যে অনুপ্রৱেশে অসমীয়া মানুহৰ অস্তিত্বৰ প্রতি কেনে ধৰণৰ ভাবুকি আনিছে৷


অন্যহাতে উন্মুক্ত সীমান্তইদি এতিয়া মাত্র সাধাৰণ বাংলাদেশী লোকৰে প্রৱেশ ঘটা নাই৷ প্রৱেশ ঘটিছে একাংশ মৌলবাদী সংগঠনৰো৷ নিৰাপত্তা সংস্থাসমূহৰ মতে– অসম ইতিমধ্যে ধর্মীয় মৌলবাদৰ ঘাটি হৈ পৰিছে৷ ৰাজ্যৰ নামনি আৰু মধ্য অসমৰ বিস্তীর্ণ অঞ্চল মৌলবাদে গ্রাস কৰিছে৷ তথ্য মতে– ৰাজ্যত সম্প্রতি ১০টাকৈ সন্ত্রাসবাদী সংগঠন সক্রিয় হৈ আছে৷ এনেবোৰ সন্ত্রাসবাদী সংগঠনৰ ভিতৰত মালটা, হুজি, হাম, জে এম বি, লস্কৰ-ই-তৈবা আদি৷ এইবোৰো হৈছে ঘটি থকা প্রব্রজনৰে ফল৷


এনে এক জটিল সন্ধিক্ষণত অসমৰ ৰাইজে যোৱা ৩২টা বছৰে আশা কৰি আছিল– অসম চুক্তি ৰূপায়ণ হ’ব আৰু অসমীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত হ’ব৷ চুক্তি স্বাক্ষৰৰ পাছত সুদীর্ঘ কাল দিল্লীত শাসনত আছিল কংগ্রেছ চৰকাৰ৷ ৰাজীৱ গান্ধীয়ে চুক্তিত স্বাক্ষৰ কৰা সত্ত্বেও কংগ্রেছে কোনোদিন চুক্তি ৰূপায়ণত গুৰুত্ব নিদিলে৷ ইয়াৰ প্রধান কাৰণ হ’ল ভোট৷ অনুপ্রৱেশ ঘটি থকা বেছিসংখ্যক লোকেই বিভিন্ন উপায়েৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে আৰু সেইসকল লোক ক্রমান্বয়ে কংগ্রেছৰ ভোটবেংকলৈ ৰূপান্তৰিত হৈছে৷ ইয়াৰ মাজতে ৰাজ্যত আকৌ কেৱল প্রব্রজিত লোকক লক্ষ্য কৰি ৰাজনৈতিক দলৰো জন্ম হৈছে৷ এ আই ইউ ডি এফ নামৰ দলটোৰ লক্ষ্য কি আৰু তেওঁলোকৰ ভিত্তি কি সেয়া সকলোৱে জানে৷


অসমত এতিয়া বিজেপিৰ চৰকাৰ। দিল্লীতো বিজেপিৰ চৰকাৰ। বিজেপিৰ অসম আন্দোলনৰ সৈতে এটা সম্পৰ্ক আছে। আন্দোলনটোৰ মূল দাবীটোত বিজেপিৰ সমৰ্থন আছে। কিন্তু নতচুন দিল্লীয়ে অসম আন্দোলন আৰু আজিৰ অসমখনৰ পৰিস্থিতি-পৰিৱেশ কি, সেয়া যেন অনুধাৱন কৰিব পৰা নাই নতুবা নিজৰ দায়িত্বৰ পৰা ফালৰি কাটি আছে। এইখন চৰকাৰৰ দিনত অসমে অবৈধ বিদেশী নাগৰিকৰ সমস্যাটোৰ আশু সমাধান হ’ব বুলি আশা কৰিছিল। কিন্তু এতিয়ালৈকে কেন্দ্ৰই অসমৰ সেই আশাক বাস্তৱত পৰিণত কৰিব পৰা নাই। এনেদৰেই ৰাজনীতিৰ মেৰপাকত সোমাই পৰিছে অসম চুক্তি৷ কংগ্রেছক মুছলমান অনুপ্রৱেশকাৰীৰ ভোট লাগে– গতিকে অসম চুক্তি ৰূপায়ণ নকৰে৷ বিজেপিক লাগে হিন্দু অনুপ্রৱেশকাৰীৰ ভোট৷ ইয়াৰ পাছত অসম আৰু অসমীয়াৰ কি হ’ব? দুই ধৰণৰ অনুপ্রৱেশকাৰীয়ে অসমীয়াৰ বাবে কেনে ধৰণৰ প্রত্যাহবান আনিছে, সেয়া ওপৰত তথ্যসহ উল্লেখ কৰিছোঁ৷ মুছলমান অনুপ্রৱেশকাৰীৰ সমানে হিন্দু বাঙালীয়েও অসমৰ ৰাজনৈতিক ক্ষেত্র গ্রাস কৰিছে৷ মুছলমান অনুপ্রৱেশকাৰীয়ে যেনেদৰে জনগাঁথনিত প্রভাৱ পেলাইছে, ঠিক একেদৰে হিন্দু বাঙালীয়ে আমাৰ ভাষা-সংস্কৃতি গ্রাস কৰিছে৷ ইতিমধ্যে অসমত অসমীয়াভাষী লোকৰ সংখ্যা কমি আহিছে৷ ক্রমাৎ বৃদ্ধি পাইছে বাংলাভাষীৰ সংখ্যা৷ এনে অৱস্থাত উন্মুক্ত সীমান্তটো যদি ছীল নহয়, তেন্তে মানুহ আহিয়েই থাকিব৷ এদিন অবৈধভাৱে অসমত প্রৱেশ কৰা হিন্দু-মুছলমান লোকসকলে অসমখন সম্পূর্ণৰূপে গ্রাস কৰিব৷ ইতিমধ্যে বৰাক উপত্যকাত অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন হৈছে৷ এনে অৱস্থাত অসম আৰু অসমত বসবাস কৰা খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যৎ কি হ’ব? তেওঁলোক নিজ ৰাজ্যতে দ্বিতীয় শ্রেণীৰ নাগৰিক নহ’বনে? সেইখিনি মানুহৰ বাবে এদিন থাকিবগৈনে স্বাধীনতাৰ মূল্য? কথাবোৰ কোনে ভাবিব?

3 views0 comments