ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স : বিৰোধিতাৰে ফিল্ডত নামিলেই বাওঁপন্থী-মুছলিম নেতা


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ শেহতীয়া সিদ্ধান্ত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়সক লৈ দেশজুৰি আৰম্ভ হৈ গৈছে বিতৰ্ক। অৱশ্যে ইয়াৰ আংৰত সামাজিক দায়বদ্ধতাৰ তুলনাত উত্তৰপ্ৰদেশ, পঞ্জাবকে ধৰি পাঁচখনৰ ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ যোগ-বিয়োগৰ অংকই অধিক প্ৰাধান্য পাইছে। মোদী কেবিনেটৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কিদৰে নিৰ্বাচনী মুনাফা আদায় কৰা যায়, সেয়াই হৈ পৰিছে বিতৰ্ক আৰু সমালোচক একাংশৰ প্ৰধান আৰু একমাত্ৰ লক্ষ্য। যুক্তিৰ খাতিৰত যুক্তি দি তীৰডাল নিক্ষেপ কৰা হৈছে বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি। কিজানি সেই বিশেষ জনগোষ্ঠীটোৰ ভোটকেইটা এপিনৰ পৰা পাব পাৰি।


উল্লেখ্য যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰলৈ বৃদ্ধি কৰা হয়। ইয়াৰ পূৰ্বে এই বয়সৰ পৰিসীমা আছিল ১৮ বছৰ। কেবিনেটে সিদ্ধান্তটো গ্ৰহণ কৰাৰ লগে লগে বিষয়টো সন্দৰ্ভত দেশত থকা আইনখন সংশোধনৰ পথ মুকলি হয়। সংশোধনী বিধেয়কখন সংসদৰ চলিত শীতকালীন অধিৱেশনতে উত্থাপন কৰা হ’ব। আশা কৰা হৈছে দুয়ো সদনত বিধেয়কখন সহজেই গৃহীত হ’ব আৰু সোনকালেই আইনৰ ৰূপ গ্ৰহণ কৰিব।


মোদী কেবিনেটে সিদ্ধান্ত গ্ৰহণৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে বিৰোধী পক্ষ বিশেষকৈ এটা বিশেষ ধৰ্মৰ তথাকথিত নেতা-সংগঠন ইয়াৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহে। যিসকল লোকৰ তাৎক্ষণিক তিনি তালাক নিষিদ্ধ হোৱাটো পছন্দ হোৱা নাছিল, তেওঁলোকে বয়সৰ ন্যূনতম সীমা বৃদ্ধিতো আপত্তিৰ লাঠী হাতত লৈ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাই আহিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে নতুন আইনখনৰ বাবে হিন্দু, মুছলমানকে ধৰি সকলো ধৰ্মৰ বাল্য বিবাহ আইন সংশোধন কৰা হ’ব। অৰ্থাৎ কোনো ধর্মৰ লোকৰ বাবে ২১ বছৰ বয়সৰ তলৰ ছোৱালীক বিবাহ দিয়া আৰু কৰোৱা দুয়োটা অপৰাধ হিচাপে গণ্য কৰা হ’ব।



মুছলমান সাংসদসকল প্ৰথমে আপত্তি কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ অভিযোগ, কেন্দ্ৰীয় চৰকাৰে মুছলমানৰ ব্যক্তিগত পাৰ্ছনেল আইনত হস্তক্ষেপ কৰিবলৈ ওলাইছে। ইণ্ডিয়ান ইউনিয়ন অৱ মুছলিম লীগৰ সাংসদ আব্দুল ৱাহাব ৰাজ্যসভাত আজি স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। বিজেপি নেতাসকলে লগে লগে মনত পেলাই দিয়ে যে ইয়াৰ পূৰ্বে তাৎক্ষণিক তিনি তালাক নিষিদ্ধ বিলখনৰো তেওঁলোকে আপত্তি কৰিছিল। আশা কৰাৰ দৰেই বাওঁপন্থী শিবিৰৰ পৰা আপত্তি আহিল। চিপিএমৰ পলিটব্যুৰ’ নেত্ৰী বৃন্দা কাৰাটে কয়- ‘ইয়াত ব্যক্তি আইনৰ কোনো বিষয় নাই। আমি চৰকাৰৰ এই সিদ্ধান্তটোক সমৰ্থন কৰিব নোৱাৰোঁ। কাৰণ ১৮ বছৰ ূবয়সত যেতিয়া কোনো লোক সাবালক হয় তেতিয়া তেওঁৰ ১৮ বছৰ বয়সত বিয়াৰ অধিকাৰ নাথাকিব কিয়?’ বৃন্দা কাৰাটৰ মতে, চৰকাৰে যদি ছোৱালীৰ অপুষ্টি, শাৰীৰিক বৃদ্ধিৰ, শিক্ষাৰ প্ৰয়োজনৰ কথা কয়, তাৰ বাবে বিয়াৰ বয়স বৃদ্ধ নকৰি অপুষ্টি সমস্যাটোৰ সমাধান কৰা দৰকাৰ। চৰকাৰে সেয়া কৰক। ৰক্তহীনতা, অপুষ্টি ছোৱালীৰ মাজত বৃদ্ধিহে পাই আছে। ছোৱালীৰ স্কুলীয়া শিক্ষাৰ প্ৰতি চৰকাৰে চকু দিয়া উচিত। সমাজবাদী পার্টীৰ দুজন নেতা আৰু এখোপ চৰা। সাংসদ চৈয়দ তুফাইল হাচানে কয়, ‘‘১৬-১৭ বছৰ বয়সৰ পৰাই ছোৱালীয়ে সন্তানের জন্ম দিব পৰা হয়। সন্তান জন্ম দিয়া কালছোৱা ৩০ বছৰ পর্যন্ত ধৰা হয়। সেয়ে ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৬ বছৰ কৰিব লাগে।’’ তাঁর যুক্তি, বয়সত বিয়া হ’লে দুটা সমস্যা হয়। এক, মা হোৱাৰ জটিলতা। দ্বিতীয় সমস্যা, পিতৃ-মাতৃৰ বয়স বেছি হৈ গ’লেও সন্তান প্রতিষ্ঠিত হৈ উঠিব নোৱাৰে।দলটোৰ আন এজন সাংসদ ছফিকুৰ ৰহমান বার্কৰ মন্তব্য, ‘‘ভাৰতৰ দৰে গৰিব দেশত সকলোৱে ছোৱালীক কম বয়সত বিয়া দিবলৈ বিচাৰে। সেয়ে বিলখনক সমৰ্থন কৰাটো সম্ভৱপৰ নহয়।’’ লক্ষণীয় কথাটো হৈছে, দলটোৰ মুৰব্বী অখিলেশ যাদৱে দলীয় সাংসদ দুজনৰ বক্তব্যক সমাজবাদী পাৰ্টীৰ স্থিতি নহয় বুলি স্পষ্ট কৰি দিছে। অৰ্থাৎ একেটা বিষয়ত একেটা দলৰ দুটা স্থিতি। কথা একেটাই, নিৰ্বাচন।


দেশৰ আন আন মুছলিম নেতাও বিবাহৰ বয়স সলনিত চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে। অনাগত দিনত এই বিৰোধিতাৰ তীব্ৰতা হয়তো আৰু বৃদ্ধি হ’ব। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ শিবিৰে ৰাজনৈতিক মুনাফাৰ দিশটোৰ অংক কৰাত ব্যস্ত হৈ পৰিছে। সোনকালেই দল দুটাৰ স্থিতি ৰাজহুৱা হ’ব। সম্ভৱত দল দুটাই বিৰোধিতা কৰিব। সন্মুখত পাংচখন ৰাজ্যত বিধানসভা নিৰ্বাচন। বিশেষ গোষ্ঠী এটাক সন্তুষ্ট কৰিব পাৰিলেই বাজিমাৎ।

6 views0 comments