নাগালেণ্ডৰ মন জিলাত বন্ধ মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱা




শনিবাৰে নাগালেণ্ডত হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতেই নাগালেণ্ডৰ মন জিলাত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট আৰু এছএমএছ সেৱা। নাগালেণ্ডৰ তিৰুৰ অ'টিংবস্তিত শনিবাৰে নিশা সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। NSCN (K) ৰ সন্দেহত দুজনক সেনা বাহিনীয়ে হত্যা কৰা পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ইয়াৰ পিছতেই যাঠি জোং লৈ সেনা বাহিনীক আক্ৰমণ কৰাৰ উদ্দেশ্যি ওলাই আহিছিল স্থানীয় ৰাইজ। যাৰ বাবে সেনাই গুলিচালনা কৰিবলৈ বাধ্য হয়। নিৰাপত্তাৰক্ষীৰ ধাৰাসাৰ গুলীচালনাৰ ফলত নিহত হয় ১৪জনকৈ লোক। নিৰীহ লোক নিহত হোৱাৰ অভিযোগত উত্তপ্ত নাগালেণ্ডৰ মন জিলা। উত্তপ্ত পৰিস্থিতিৰ মাজতেই উত্তেজিত নগাই জ্বলালে সেনা বাহিনীৰ দুখনকৈ বাহন। ঘটনাত গৌতম লাল নামৰ এগৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে নগাৰ আক্ৰমণত গুৰুতৰভাৱে আহত কেইবাজনো সেনা জোৱান।


সম্প্ৰতি নাগালেণ্ডৰ মন জিলাত একেসময়তে পাঁচজনতকৈ অধিক লোকৰ ৰাজহুৱা সমাৱেশ নিষিদ্ধ কৰা হৈছে। আৰু ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ধাৰা 144-ৰ অধীনত বাণিজ্যিক বাহনকে ধৰি অপ্ৰয়োজনীয় প্ৰকৃতিৰ সকলো বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।জিলাখনত বৰ্তমানলৈকে ১৪ জন সাধাৰণ লোক আৰু এজন বিশেষ বাহিনীৰ জোৱানসহ মুঠ ১৫ জন লোক নিহত হৈছে। এটা হত্যাৰ গোচৰো দাখিল কৰা হৈছে। নাগালেণ্ড চৰকাৰে ঘটনাটোৰ তদন্তৰ বাবে ৰাজ্যিক আৰক্ষীৰ পাঁচ জনীয়া বিশেষ অনুসন্ধান দল (এছআইটি) গঠন কৰিছে। গোচৰটো অপৰাধ শাখা আৰক্ষী থানালৈ স্থানান্তৰ কৰা হৈছে। ৰাজ্যখনৰ স্বাক্ষৰ হৰ্ণবিল উৎসৱৰ সকলো কাৰ্যকলাপ সোমবাৰৰ নিশালৈকে বাতিল কৰা হৈছে।


বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ভাৰতীয় সেনাৰ বিশেষ বাহিনী ম্যানমাৰৰ সীমান্তৱৰ্তী মন জিলাত বিদ্ৰোহী বিৰোধী অভিযানৰ বাবে সাজু হৈছিল।বিদ্ৰোহীসকলৰ সম্ভাৱ্য গতিবিধিৰ বিষয়ে এক গোপন সূত্ৰৰ ভিত্তিত তেওঁলোকে শনিবাৰে আবেলি ওটিং গাঁৱৰ ওচৰত এটা আক্ৰমণ চলাইছিল। কিন্তু তেওঁলোকে গাওঁবাসীক কঢ়িয়াই নিয়া তিৰু-অটিং পথত এখন ট্ৰাকত গুলীচালনা কৰে ।



ইয়াৰ পিছতে, ক্ষুব্ধ স্থানীয় লোকে নিৰাপত্তা বাহিনীক ঘেৰি ধৰিছিল। আৰক্ষীৰ সূত্ৰই জনোৱা মতে বাহিনীয়ে "আত্মৰক্ষা"ৰ বাবে জনতাৰ ওপৰত গুলীচালনা কৰে। এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত এজন সৈনিকৰ মৃত্যু হয়। দেওবাৰৰ সন্ধিয়াভাগত উত্তেজিত প্ৰতিবাদকাৰীসকলে অসম ৰাইফলছৰ শিবিৰ ঘেৰি ধৰাৰ ফলত মন চহৰত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি তেওঁলোকে শিবিৰত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ এটা অংশত জুই লগোৱাৰ চেষ্টা কৰিছিল। অসম ৰাইফলছে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে "আমাৰ নাগা ভাতৃসকলৰ" প্ৰাণ হেৰুওৱাৰ বাবে "গভীৰ ভাৱে দুঃখিত"।


দিল্লীত থকা মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' ৰাজ্যখনলৈ উভতি আহিছে আৰু স্থানীয় লোকসকলক সাক্ষাৎ কৰিছে । নাগালেণ্ডৰ নিৰীহ হত্যাৰ তদন্তৰ বাবে নাগালেণ্ড আৰক্ষীৰ বিভিন্ন শাখাৰ বিষয়াক লৈ ইতিমধ্যে SIT গঠন কৰা হৈছে। উৰাবাতৰিৰ প্ৰচাৰ বন্ধ কৰিবলৈ মন জিলাত মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ কৰা হৈছে।

5 views0 comments