ছিডনী ডায়লগত প্ৰধানমন্ত্ৰী মোদী- ডিজিটেল ব্যৱস্থাই নতুন ভাবুকিৰ সৃষ্টি কৰিছে




'আমি পৰিৱৰ্তনৰ সময়ত আছোঁ। ডিজিটেল যুগে আমাৰ চাৰিওফালৰ সকলো দিশ সলনি কৰি আছে। ডিজিটেল যুগে ৰাজনীতি, অৰ্থনীতি আৰু সমাজৰ এটা নতুন সংজ্ঞা লিখিছে। ডিজিটেল প্ৰযুক্তিয়ে আন্তৰ্জাতিক প্ৰতিযোগিতা, শক্তি আৰু নেতৃত্বক গঢ় দিছে। কিন্তু একে সময়তে ডিজিটেল ব্যৱস্থাৰ বাবে আমি নতুন ধৰণৰ ভাবুকি আৰু বিতৰ্কৰ সন্মুখীন হৈছোঁ।'- 'দ্য ছিডনী ডায়লগ' নামৰ অনুষ্ঠান এটা ভাৰ্চুৱেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে 'ভাৰতত প্ৰযুক্তি উন্নয়ন আৰু বিপ্লৱ' শীৰ্ষক বিষয়ত দিয়া ভাষণত লগতে কয় যে মোৰ ছিডনী ডায়লগ সম্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱাটো ভাৰতৰ জনসাধাৰণৰ বাবে এইটো এটা ডাঙৰ। মই মই এই স্বীকৃতিক প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু উদীয়মান ডিজিটেল বিশ্বত ভাৰতৰ কেন্দ্ৰীয় ভূমিকাৰ স্বীকৃতি হিচাপে গণ্য কৰিছোঁ।


ভাষণত মোদীয়ে কয়, আমি বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা তথ্য আন্তঃগাঁথনি নিৰ্মাণ কৰি আছোঁ। আমি পৃথিৱীৰ আটাইতকৈ শক্তিশালী পৰিশোধ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছোঁ। ভাৰত বিশ্বৰ সৰ্ববৃহৎ ডাটা উপভোক্তা।


প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত ভাৰতৰ এক ৰাষ্ট্ৰ এক কাৰ্ড আঁচনিৰ কৰা উল্লেখ কৰে। তেওঁ কয় যে 'এক ৰাষ্ট্ৰ এক কাৰ্ড' আঁচনিৰ দ্বাৰা আমাৰ দেশৰ কোটি কোটি শ্ৰমিক লাভান্বিত হৈছে। কৃষি আৰু পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰতো ডিজিটেল প্ৰযুক্তিৰ সৈতে আমি ছবিখন সলনি কৰি আছোঁ।



ইফালে, ক্ৰিপ্টো কাৰেন্সী যাতে ভুল হাতত নপৰে, তাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। বিষয়টোত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ক্ৰিপ্টো কাৰেন্সী যাতে ভুল হাতত নপৰে, সেয়া নিশ্চিত কৰিবলৈ সকলো দেশে একেলগে কাম কৰিব লাগিব। অন্যথা ই আমাৰ যুৱসকলক ধ্বংস কৰিব।”






আনহাতে, অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে কয় যে অষ্ট্ৰেলিয়া-ভাৰতৰ ঘনিষ্ঠ বন্ধুত্ব আছে। সময়ৰ লগে লগে আমাৰ সম্পৰ্ক আগবাঢ়ি যাব। মহাকাশ, বিজ্ঞান, ডিজিটেল প্ৰযুক্তিকে ধৰি বহুতো ক্ষেত্ৰত আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। এইটো অষ্ট্ৰেলিয়াৰ বাবে এটা সন্মানৰ বিষয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ‘ছিডনী সংলাপ’ সম্বোধন কৰিছে।

4 views0 comments