মোদীৰ সিদ্ধান্ত, বাল্য বিবাহ, চৰাঞ্চল, জনবিস্ফোৰণ, প্ৰত্যাহ্বান




প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰতত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স হ’ব ২১ বছৰ। ই আইনত পৰিণত হ’লে দেশখনত ১৮ বছৰ বয়সৰ তলৰ ছোৱালীৰ বিবাহ নিষিদ্ধ হৈ পৰিব। ই বাল্য বিবাহৰ শ্ৰেণীত পৰিব। তেতিয়া আইন অনুসৰি, তেনে বিবাহ অপৰাধযোগ্য বুলি বিবেচিত হ’ব আৰু আইনৰ ৰোষত পৰিবলগীয়া হ’ব। আমাৰ দেশত বৰ্তমান ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৮ বছৰ। ইয়াতকৈ কম বয়সৰ ছোৱালীক বিয়া কৰোৱা বা বিয়া দিয়াটো আইনৰ দৃষ্টিত অপৰাধ। তৎসত্ত্বেও দেশখনত বুজনসংখ্যক ছোৱালীক কম বয়সত বিবাহ দিয়া হয়। চৰকাৰী তথ্য অনুসৰি, ২০১৬-১৭ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈকে অকল অসমতে৩,১৯২টা বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে ২০১৬-১৭ বৰ্ষত ৭৪টা, ২০১৭-১৮ বৰ্ষত ৪৪৮টা, ২০১৮-১৯ বৰ্ষত ৭৫৯টা, ২০১৯-২০ বৰ্ষত ১,০৮৯টা বাল্য বিবাহৰ ঘটনা ঘটে। অৰ্থাৎ সময়ৰ গতিত বাল্য বিবাহৰ পৰিসংখ্যা কমাৰ বিপৰীতে বৃদ্ধিহে পাই গৈছে। এয়া চৰকাৰী পৰিসংখ্যাহে। বাস্তৱ ছবিখন অধিক উদ্বেগজনক। ভিতৰুৱা অঞ্চল বিশেষকৈ চৰাঞ্চলত হোৱা বহু বাল্য বিবাহৰ কথা পোহৰলৈ নাহেই। ইউনিচেফে ২০১৯ চনত প্ৰস্তুত কৰা এটা প্ৰতিবেদন অনুসৰি, অসমত ৩৩ শতাংশ ছোৱালীৰ বিবাহ ১৮ বছৰৰ বয়সৰ পূৰ্বেই হয়।


সন্দেহ নাই, বাল্য বিবাহ হৈছে এটা সামাজিক ব্যাধি।অসমৰ ধুবুৰী,বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, চিৰাং, ধেমাজি, লখিমপুৰ, নগাঁও আৰু চৰ অঞ্চল থকা জিলাৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বাল্য বিবাহৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। জিলাকেইখনত ১৮ বছৰৰ তলৰ কন্যা আৰু ২১ বছৰৰ তলৰ কিশোৰৰ বিবাহৰ হাৰ বেছি। বাল্য বিবাহ সৰ্বাধিক দেখা যায় নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলত। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে জনসংখ্যা বিস্ফোৰণ। জিলাকেইখনত জনসংখ্যা বৃদ্ধিৰ হাৰো অধিক। ইয়াৰে পৰিপ্ৰেক্ষিতত আমছুৱে চৰাঞ্চল তথা মুছলমান সমাজৰ পৰা বাল্য বিবাহ আঁতৰাবলৈ অভিযান এটাকে চলাই আছে। কিন্তু অভিযানটো চলাবলৈ যাওঁতে ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মী আৰু সচেতন যুৱক-যুৱতীয়ে ইছলাম ধৰ্মীয় লোকৰ পৰা বিভিন্ন ধৰণে ভাবুকিৰ সন্মুখীন হৈছে। ছোৱালীক এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ জনসংখ্যা বৃদ্ধিৰ মেচিন হিচাপে ব্যৱহাৰ কৰা হয়। সেয়ে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ গ’লেই মতলববাজ ৰাজনৈতিক নেতা, মৌলবাদী আদি জাঙুৰ খাই উঠে।




কম বয়সত বিয়া হোৱা ছোৱালীয়ে অপৈণত বয়সত যৌনকাৰ্য আৰু সন্তান জন্ম দিবলগীয়া হয়। ফলত প্ৰসূতিজনিত ফিষ্টুলাকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয়। মৰ্যাদা, ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আৰু সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়। কম বয়সত বিয়া হোৱাৰ ফলত তেনে ছোৱালী শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰাও বঞ্চিত হয়। এইটো দৰিদ্ৰতা বৃদ্ধিৰ অন্যতম কাৰণ। শাৰীৰিকভাৱে অপৰিপক্ক ছোৱালীৰ বিবাহে প্ৰসূতিৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰো অধিক কৰি তোলো। তদুপৰি, কম বয়সীয়া মাতৃৰ গৰ্ভত জন্ম লোৱা নৱজাতক জীয়াই থাকিলেও বহু সময়ত ন নানান ধৰণৰ শাৰিৰীক জটিলতাৰ সন্মুখীন হ’ব লাগে৷ ইয়াৰ ওপৰিও অপ্রাপ্তবয়স্ক মাতৃৰ গৰ্ভত প্রতিবন্ধী শিশু জন্মৰ আশংকাও অধিক।

সংসাৰৰ অ আ ক খ বুজাৰ আগেয়ে ছোৱালী এগৰাকীক যেতিয়া বলপূৰ্বক বিবাহলৈ ঠেলি দিয়া হয়, তেতিয়া ছোৱালীগৰাকীৰ জীৱনটো হৈ পৰে নৰকসদৃশ। খেলাৰ বয়সত তেওঁলোকে অচিনাকি পৰিৱেশত দিন কটাবলগীয়া হয়। পাকঘৰৰ ৰন্ধা, ঘৰত পৰিয়ালৰ সেৱা কৰাৰ নামতে দিন-ৰাতি পাৰ হৈ যায়। নিশা ক্লান্ত শৰীৰটোৱে টোপনি আৰু আৰাম বিচৰা সময়ত বিধ্বস্ত দেহাটোৰ ওপৰত স্বামী জঁপিয়াই পৰে।

শিক্ষাৰ অভাৱ, স্বাস্থ্যগত সচেতনতা সঠিকভাৱে গা কৰি নুঠাত কম বয়সৰ ছোৱালীগৰাকী নিজৰ সম্পর্কত সচেতন হৈ উঠিব নোৱাৰে।, পৰিয়াল সম্পর্কত তাইৰ ধাৰণা নথকাটো সাধাৰণ কথা। যাৰ ফলত বিবাহ বিচ্ছেদৰ আশংকাৰ সৃষ্টি হোৱাৰ ওপৰিও নানান ধৰণৰ পাৰিবাৰিক অশান্তিয়ে দেখা দিয়ে৷ স্বামী, সংসাৰ, শাহুৱেকৰ ঘৰ সম্পর্কত বুজি উঠাৰ আগতেই সংসাৰ আৰু পৰিয়ালৰ ভৰত আক্রান্ত হয়। শাহুৱেকৰ ঘৰৰ পৰাও বোৱাৰীৰ ওপৰত চাপৰ সৃষ্টি হয়। আৰম্ভ হয় অশান্তি, পাৰিবাৰিক কন্দল, আৰু নির্যাতন।

#অসমত বাল্য বিবাহৰ মূল কাৰণসমুহ


(ক) দৰিদ্ৰতা- দৰিদ্ৰতাক বাল্য বিবাহৰ মূল কাৰক বুলি ক’ব পাৰি। দৰিদ্ৰতাৰ বাবে অভিভাৱকে ছোৱালীক উচ্চ শিক্ষা দিয়াত অসমৰ্থ। তেওঁলোকে তাতকৈ বিয়া দিয়াটোকে ঠিক বুলি ভাৱে৷

(খ) শিক্ষাৰ প্ৰভাৱ নথকা অঞ্চলত বাল্য বিবাহ বেছিকৈ হোৱা দেখা যায়৷ অভিভাৱকৰ নিৰক্ষৰতাই বাল্য বিবাহক সমৰ্থন কৰে৷

(গ) চ’ৰ- চাপৰিত তথা ভিতৰুৱা গ্ৰাম্য অঞ্চলত স্কুল-কলেজৰ অভাৱৰ বাবে শিক্ষাৰ প্ৰভাৱ পৰা দেখা নাযায় ৷ কিছু কিছু ঠাইত প্ৰায় ১০-২০ কি.মি.দূৰত যাবলগীয়া হয়। অৱশ্যে আজিকালি স্কুলৰ দূৰত্ব হ্ৰাস পাইছে৷

(ঘ) অসমৰ বেছিভাগ চৰ-চাপৰিত যাতায়াত ব্যৱস্থা সুচল নহয়৷ কিছু কিছু চৰত খৰালি দিনত কমেও ৫-৭ কি.মি. খোজকাঢ়ি যাব লগা হয় আৰু বাৰিষা দিনত ঘৰত আৱদ্ধ হৈ থাকিব লাগে বা নাওৰে যাত্ৰা কৰিব লাগে৷

(ঙ) নাৰী শিক্ষাৰ গুৰুত্ব কম৷

(চ) ছোৱালী বিয়া দিবলৈ অভিভাৱকে জন্ম চাৰ্টিফিকেটত ছোৱালীৰ বয়স বঢ়াই লয়৷ ইয়াৰ ফলত আইনী ব্যৱস্থা লৱলৈ অসুবিধা হয়৷

(ছ) অভিভাৱক বা ল’ৰা-ছোৱালীয়ে বিবাহৰ প্ৰকৃত অৰ্থ নুবুজে। প্ৰেমৰ পাছত বয়সৰ ফালে চকু নিদি বিয়াই একমাত্ৰ লক্ষ্য হৈ পৰে।

(জ) শিশু নিৰ্যাতন , শিশু ধৰ্ষণ,হত্যা আদি এইবোৰৰ পৰা ৰক্ষা পাবলৈ, মান-সন্মানৰ চিন্তাত বহুতেই ছোৱালীক সৰুতেই বিয়া দিবলৈ বাধ্য হৈ পৰে৷


#বাল্য বিবাহৰ কুফল

বাল্য বিবাহে শিশুৰ সকলো ধৰণৰ অধিকাৰ খৰ্ব কৰে৷বাল্য বিবাহে ল’ৰা আৰু ছোৱালী দুযোজনৰে মানসিক আৰু শাৰিৰীক অৱস্থাত বিকৃত প্ৰভাৱ পেলায়৷ বাল্য বিবাহ হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয়। যি দৰিদ্ৰতা বৃদ্ধিত সহায় কৰে৷ বাল্য বিবাহ গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যুৰ প্ৰধান কাৰণ। বাল্য বিবাহৰ বাবে ছোৱালীজনী শাৰিৰীকভাৱে পৰিপক্ক হোৱাৰ আগতে গৰ্ভধাৰণ কৰাৰ বাবে শিশুটিৰ গঠন ভালকৈ নহয় বা ব্ৰেইনৰ বিকাশ নহয়। যাৰ বাবে বহু ক্ষেত্ৰত শিশু পংগু , মানসিক বিকাৰগ্ৰস্ত হোৱা দেখা যায়৷ বাল্য বিবাহ দ্বিতীয় বিবাহ আৰু বিবাহ বিচ্ছদ আৰু সংসাৰত অশান্তিৰ মূল কাৰণ। বাল্যবিবাহে অকল ল’ৰা-ছোৱালীকে ক্ষতি নকৰে, ই সামাজ, জাতি তথা ৰাষ্ট্ৰৰ বাবেও ক্ষতিকাৰক৷ সমাজ, জাতি আৰু ৰাষ্ট্ৰই শৈক্ষিক, আৰ্থিক তথা বিকাশৰ দিশত পিছপৰি ৰয়। স্বামী, সংসাৰ, সম্পর্কে বুজি উঠাৰ আগতেই সংসাৰ আৰু সংসাৰৰ দায়িত্বভাৰ বোৱাৰীজনীৰ ওপৰত পৰে। শশুৰেকৰ ঘৰৰ চাপত পৰি সৃষ্টি হয় অশান্তি। পাৰিবাৰিক কন্দল৷ ইয়াৰ ফলত আৰম্ভ হয় নির্যাতন। নিৰ্যাতনে প্রত্যক্ষ আৰু পৰোক্ষভাৱে পৰিয়ালৰ সকলোৰে ওপৰত প্ৰভাৱ পেলায়। বিশেষকৈ শিশুসকৱৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলায় ৷ বাল্য বিবাহৰ ফলত ছোৱালী কম বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত এইচ আই ভি আৰু প্ৰসূতিজনিত বেমাৰত আক্ৰান্ত হৈ পৰে।

#বাল্যবিবাহ প্রতিৰোধৰ উপায়

(ক) বাল্য বিবাহ নিষিদ্ধ আইনটো বাস্তৱত ব্যাপক বাবে প্রচাৰ কৰিব লাগিব।

(খ) টেলিভিছন আৰু সংবাদপত্রত বাল্য বিবাহৰ কুফল সম্পর্কে মুকলি আলোচনা কৰিব লাগে৷

(গ) চাহ বাগানৰ লগতে ভিতৰুৱা অঞ্চল বা চৰ-চাপৰিত নানা ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰা উচিত।

(ঘ) প্ৰকৃডত জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে কোনো বিবাহৰে পঞ্জীয়ন হ’ব নালাগে।

(ঙ) কম বয়সত বিয়াৰ খলনায়ক কাজী আৰু ভুৱা জন্মৰ প্ৰমাণপত্ৰ দিয়াসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা উচিত৷

(চ) প্রতিখন গাঁও বা পঞ্চায়তত বাল্য বিবাহ প্ৰতিৰোধ দল বা কমিটী গঠন কৰিব লাগে৷

(ছ) জনসচেতনতা বৃদ্ধিত চৰকাৰী তথা বেচৰকাৰী সংগঠনসমূহে ভূমিকা লোৱা উচিত৷

(জ) প্ৰতিটো অঞ্চলত কি কি কাৰণত বাল্য বিবাহ হৈ আছে, কাৰণসমূহ উলিয়াব লাগে আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা উচিত।

(ঝ) নাৰী শিক্ষাত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ (ঞ) নাৰীৰ মাজত স্বাস্থ্য সজাগতা বঢ়াব লাগিব।

উল্লেখ্য যে ১৯২৯ চনত ভাৰতত বাল্য বিবাহ নিষিদ্ধ কৰা হয়। ১৯৭৮ চনৰ পৰা বিবাহৰ ক্ষেত্ৰত মহিলাৰ ন্যূনতম ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰ কৰা হয় ৷ তথাপিও একবিংশ শতিকাতো বাল্য বিবাহ নিৰ্মূল হোৱা নাই৷ এতিয়া দেশত ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰ বয়সলৈ বৃদ্ধি পাব। বয়সৰ পৰিধি বৃদ্ধিৰ লগে লগে দেশখনত বাল্য বিবাহৰ প্ৰত্যাহ্বান অধিক তীব্ৰ হ’ব। অকল আইনেৰে ইয়াক প্ৰতিহত কৰিব পৰাহেঁতেন অসমতে বিগত ৫ বছৰত ক্ৰমশঃ বাল্য বিবাহৰ পৰিসংখ্যা অধিক হৈ গৈ নাথাকিলহেঁতেন। জনসাধাৰণক সজাগ কৰিব নোৱাৰিলে, ধৰ্মৰ তথাকথিত ঠিকাদাৰসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে দেশখনত বাল্য বিবাহৰ দৰে বয়ংকৰ সামাজিক ব্যধিটো সহজে নিৰ্মূল হোৱাৰ সম্ভাৱনা নাই।