মোদীৰ টুইটাৰ একাউণ্ট হেক কৰি ভাৰতত বিট কইনে বৈধতা লাভ খবৰ ছটিয়ালে হেকাৰে : চৌদিশে চাঞ্চল্য




টুইটাৰ জগতখনৰ অন্যতম জনপ্ৰিয় তথা প্ৰভাৱশালী ব্যক্তি তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেকাৰৰ কবলত পৰিছে। শনিবাৰে নিশা এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি খলকনিৰ সৃষ্টি হয়। কোনে আৰু কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাউণ্টটো হেক কৰিলে, সেইটো উলিয়াবলৈ এতিয়া ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ চাইবাৰ বিশেষজ্ঞ তথা চোৰাংচোৱাৰ দল। সমান্তৰালকৈ টুইটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও নিজৰ লজ্জা ঢকাৰ প্ৰয়াস চলিছে। দেওবাৰ অৰ্থাৎ আজি টুইটাৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰি জনায় যে বিষয়টোত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে নিৰন্তৰ যোগাযোগ চলোৱা হৈছে। হেক হোৱা বুলি জানিব পৰাৰ লগে লগে একাউণ্টটো অধিক সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও টুইটাৰ কৰ্তৃপক্ষই বিবৃতিটোত প্ৰকাশ কৰিছে। বিবৃতিটোত লগতে জনোৱা হৈছে যে প্রধানমন্ত্রীৰ একাউণ্টটোৰ উপৰি আন কোনো একাউণ্ট হেক কৰা হৈছে নেকি, সেইটোও পৰীক্ষা কৰা হৈছে।

ইফালে, প্রধানমন্ত্রীৰ একাউণ্ট কিদৰে হেক কৰা হ’ল, ক’ত ত্ৰুটী আছিল, টুইটাৰ কৰ্তৃপক্ষৰ সমান্তৰালকৈ কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰালয়েও ইয়াক পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে। কিদৰে একাউণ্টটো হেক কৰা হ’ল, ইয়াৰ অনুসন্ধান চলাই আছে বিশেষজ্ঞৰ দলে।

উল্লেখ্য যে শনিবাৰে মাজনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্টটো হেক কৰা হয়। হেকাৰে একাউণ্টটোৰ জৰিয়তে লিখে-‘দেশত বিট কইনে বৈধতা লাভ কৰিছে। চৰকাৰে ৫০০ বিট কইন কিনিছে। দেশবাসীৰ মাজত সেয়া ভগাই দিয়া হ’ব।‘ মোদীৰ টুইটাৰ একাউন্টৰ সেই স্ক্রিনশ্বটটো কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে। নেটিজেনৰ মাজত আৰম্ভ হয় ব্যাপক চৰ্চা।


বিষয়টোত পিএমঅ’ৰ তৰফৰ পৰা টুইট কৰি লেখা হয়, ‘অলপ সময়ৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ টুইটাৰ একাউন্টটো হেক হয়। লগে লগে একাউন্টোৰ নিৰাপত্তা নিশ্চিত কৰা হয়। কথাটো টুইটাৰ কর্তৃপক্ষক জনোৱা হৈছে। এই সময়ছোৱাত একাউন্টটোৰ পৰা কৰা টুইটসমূহক গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই।’ আনহাতে, একাউণ্টোটো পুনৰুদ্ধাৰৰ লগে লগে সময়ছোৱাত হেকাৰে কৰা টুইটসমূহ মচি দিয়া হৈছে। কিন্তু তেতিয়ালৈকে টুইটবোৰ ভাইৰেল হৈ পৰিছিল। ইফালে, একাউণ্টটো হেক কৰাৰ কাৰণ বা উদ্দেশ্য সম্পৰ্কে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই।

4 views0 comments