মাতৃৰ চৰণ চুই আশীৰ্বাদ ল'লে মোদীয়ে





উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱা বিধানসভা নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰ পিছতে মাতৃৰ কাষত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যেন নিজৰ সাফল্য মাতৃক সৈতে বিলাই লোৱাৰ অকৃত্ৰিম ইচ্ছাহে।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মাতৃ হীৰাবেন মোদীক লগ কৰিবলৈ গান্ধীনগৰৰ ঘৰলৈ যায়। এইটো আছিল চাৰিওখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়ৰ পিছত মোদীৰ প্ৰথমটো গুজৰাট ভ্ৰমণ। তেওঁ গুজৰাটত ৰোড শ্ব' কৰি চলিত বৰ্ষৰ শেষৰ পিনে অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ বিৰোধী শিবিৰক সতৰ্কবাৰ্তাও দিয়ে। তেওঁ যেন কৈ দিয়ে, গুজৰাটক লৈ স্বপ্ন ৰচি লাভ নাই। গুজৰাট বিজেপিৰ। অৱশ্যে দলীয় কৰ্মীক কংগ্ৰেছৰ লগতে নাম উল্লেখ নকৰাকৈ আপৰ ওপৰত নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট সৰ্বাধিক গুৰুত্বপূৰ্ণ এংশটো আছিল মাতৃক সাক্ষাৎ। এয়া যেন ভাৰতীয় সভ্যতা-সংস্কৃতিৰ সেই নিৰ্মল ছবিখন। চাকৰিটো পাই সন্তানে খবৰটো দিবলৈ পিতৃ-মাতৃৰ কাষলৈ দৌৰি যোৱাৰ দৰে মোদীও যেন মাতৃৰ কাষলৈ গৈছে। তেওঁ মাতৃক দেখা কৰি আশীৰ্বাদো লয়। লগতে একেলগে আহাৰো গ্ৰহণ কৰে। ইয়াৰ পৰা বুজা যায় যে পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল মোদীৰ বাবে গুৰুত্বপূৰ্ণ আছিল।


উল্লেখ্য যে উত্তৰপ্ৰদেশ, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব। এই জয়ৰ মূল নায়কজনেই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পিছত সমাগত সাধাৰণ নিৰ্বাচনত বিজেপিয়ে অধিক প্ৰত্যয়েৰে অৱতীৰ্ণ হ'ব পাৰিব। বিৰোধীৰ নিৰ্বাচনটো অধিক কঠিন হৈ পৰিল।

4 views0 comments