মোদীয়ে ইচ্ছামতে নিজৰ সংখ্যা বঢ়াইছে, মোৰ কমাইছে : ৰাহুল গান্ধীৰ এয়া কি অভিযোগ




মোদীৰ বাঢ়িছে। মোৰ বঢ়া নাই। ইয়াৰ আঁৰত নিশ্চয় মোদীৰেই চক্ৰান্ত আছে। তেওঁ বাঢ়িবলৈ দিয়া বাবে মোৰ বঢ়া নাই আৰু মোদীয়ে ইচ্ছামতে নিজৰ সংখ্যা বঢ়াই গৈছে।


কথাখিনি বুজাত অলপ খেলিমেলি হৈছে চাগৈ! হোৱাৰে কথা। মোদীৰ বাঢ়িছে, মোৰ বঢ়া নাই। মোদীয়ে ইচ্ছামতে নিজৰ বঢ়াই গৈছে আৰু মোৰহে বাঢ়িবলৈ দিয়া নাই। এইটো আচলতে অভিযোগহে। অভিযোগকাৰী আন কোনো নহয়, কংগ্ৰেছৰ তথাকথিত যুৱৰাজ ৰাহুল গান্ধীৰ। অভিযোগ মতে টুইটাৰত তেওঁৰ অনুগামীৰ সংখ্যা দিনক দিনে টুটি আহিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাঢ়ি গৈছে। ইয়াৰ আঁৰত নিশ্চয় মোদীৰ ৰাজনৈতিক চক্ৰান্ত আছে। তেওঁ অনুগামী বাঢ়িবলৈ দিয়া নাই।


ৰাহুল গান্ধীয়ে এই অভিযোগ সংবাদ মেল নতুবা বিবৃতিৰ জৰিয়তে কৰা নাই, পোনে পোনে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালালৈ পত্ৰ লিখি অভিযোগ কৰিছে। ৰাহুল গান্ধীৰ অভিযোগ- মোদী চৰকাৰৰ হেঁচাত টুইটাৰে তেওঁৰ ফলোৱাৰৰ সংখ্যা বৃদ্ধি হ'বলৈ দিয়া নাই। তেওঁ কয় যে ছ'চিয়েল মিডিয়া হৈছে সাধাৰণ লোকৰ কাষ চপাৰ সৰ্বশ্ৰেষ্ঠ মাধ্যম। মোদী চৰকাৰে মানুহক আমাৰ সৈতে যোগাযোগ স্থাপন কৰাত বাধা প্ৰদান কৰিছে। এইটো গণতন্ত্ৰৰ বাবে মাৰাত্মক।



ৰাহুল গান্ধীৰ অভিযোগৰ পোনপটীয়া অৰ্থ হৈছে- মোদী চৰকাৰৰ বাবে টুইটাৰে ৰাহুলৰ অনুগামীৰ সংখ্যা সীমিত কৰি ৰাখিছে। ৰাহুল গান্ধীৰ এনে বাৎসলামীক ভদ্ৰ আৰু মাৰ্জিত ভাষাৰে অস্বীকাৰ কৰে টুইটাৰ কৰ্তৃপক্ষই। এই সন্দৰ্ভত টুইটাৰে কয়- "আমিও বিচাৰো যে একাউণ্টটোৰ সৈতে ফলোৱাৰৰ সংখ্যা বাঢ়ক কিন্তু আমি এইটোও বিশ্বাস কৰোঁ যে ফলোৱাৰৰ সংখ্য বাস্তৱিক। টুইটাৰত হেৰফেৰ আৰু স্পামৰ কোনো স্থান নাই।"


ৰাহুল গান্ধীৰ মতে, ২০২১ চনৰ আগষ্টত তেওঁৰ ফলোৱাৰৰ সংখ্যা ৫৪,৮০৩ জন হ্ৰাস পাইছে, আনহাতে ছেপ্টেম্বৰত ১,৩২৭ জন অনুগামী, অক্টোবৰত ২,৩৮০ জন আৰু নৱেম্বৰত ২,৭৮৮ জন ফলোৱাৰ হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰী মোদীৰ ফলোৱাৰ সংখ্যা এই সময়ছোৱাত সৰ্বাধিক বৃদ্ধি পাইছে। প্ৰায় ৩০ লাখ বাঢ়িছে। ৰাহুল গান্ধীয়ে কৈছে যে টুইটাৰত মোৰ কণ্ঠস্বৰ দমন কৰাৰ চেষ্টা কৰা হৈছে। বৰ্তমান ৰাহুল গান্ধীৰ ১৯.৬ নিযুত ফলোৱাৰ আছে।

7 views0 comments