মোদীক অপতিয়নৰযোগ্য নেতা প্ৰতিপন্ন কৰি দিল্লী দখলৰ ব্লু-প্ৰিণ্ট বিৰোধীৰ




বিতৰ্কিত কৃষি আইন তিনিখন বাতিল কৰা হ'ব বুলি ঘোষণা কৰি আন্দোলনৰত কষকক ঘৰমুৱা হ'বলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু সেই ঘোষণা আৰু আবেদনে এতিয়ালৈ কাম দিয়া নাই। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদী পতিয়নযোগ্য নেতা নহয় ধৰণৰ ভাবমূতি এটা প্ৰতিষ্ঠা দেশৰ নেতাজনক জনমানসত হেয় প্ৰতিপন্ন কৰাতহে আন্দোলনকাৰী কৃষকৰ নেতৃত্বই জোৰ দিয়া পৰিলক্ষিত হৈছে। এইখিনিতে উল্লেখ্য যে বিৰোধী শিবিৰৰ ৰাজনৈতিক দলে ভাবে যে মোদী থকালৈকেহে বিজেপি। সেয়ে তেওঁলোকে সততে নৰেন্দ্ৰ মোদীক সততে ব্যক্তিগতভাৱে আক্ৰমণ কৰি ভাবমূতি বিনষ্ট কৰাৰ অপচেষ্টা চলায়। কৃষক আন্দোলনৰ নেতৃত্বয়ো একোই নীতি হাতত লৈছে।


ইয়াৰে প্ৰতিফলন ঘটাই নতুন চৰ্তৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। কৃষকসকলে নতুনকৈ আৰোপ কৰা চৰ্তসমূহ হৈছে- ন্যূনতম সমৰ্থন মূল্যক লৈ চৰকাৰ প্ৰণয়ন কৰিব লাগিব আইন। লগতে প্ৰত্যাহাৰ হ'ব লাগিব বিদ্যুৎ সংশোধনী বিধেয়ক।




উল্লেখ্য যে কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ পাছতো স্থিতি সলনি কৰা নাই প্ৰতিবাদী কৃষকসকলে। ২২নৱেম্বৰত লক্ষ্ণৌত মহাপঞ্চায়ত আৰু ২৯ নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।


কৃষক সকলে আৰোপ কৰা নতুন চৰ্তত আছে এই আন্দোলনত নিহত হোৱা কৃষকসকলৰ প্ৰসংগও। আন্দোলন কালত নিহত কৃষকৰ পৰিয়ালক দিব লাগিব আৰ্থিক সাহায্য লগতে কৃষক বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ বাবে দাবী জনাইছে প্ৰতিবাদীকৃষক সকলে।

6 views0 comments