আজি নতুন দিল্লীত নিঃস্বাৰ্থ সমাজসেৱী সংগঠন-ব্যক্তিক সম্বৰ্ধনা মোহন ভাগৱতৰ




নিঃস্বাৰ্থভাৱে সমাজ সেৱা কৰা দেশৰ কেইবাটাও সংগঠন আৰু ব্যক্তিক আজি আৰএছএছপ্ৰধান মোহন ভাগৱতে নতুন দিল্লীত সম্বৰ্ধনা জনাব। ৰাজধানী মহানগৰীৰ বিজ্ঞান ভৱনত সন্ত ঈশ্বৰ সন্মান সমাৰোহ-২০২১ উপলক্ষে সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত হ’ব। অনুষ্ঠানটো সন্ত ঈশ্বৰ ফাউণ্ডেচনে সেৱা ভাৰতীৰ সহযোগত অনুষ্ঠিত কৰিব। ইয়াত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমামন্ত্ৰী অৰ্জুন মুণ্ডা, নালনা বিশ্ববিদ্যালয়ৰ আশাৰ্য পদ্মবিভূষণ বিজয় পাণ্ডুৰংগ ভাটকাৰসহ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব।

প্ৰসংগক্ৰমে উল্লেখ্য যে ভাৰতী ৰিজাৰ্ভ বেংকৰ নিৰ্দেশক তথা স্বদেশী জাগৰণ মঞ্চৰ চি এ এছ গুৰুমূৰ্তি, ছিকিম উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কহলি, জ্যেষ্ঠ সাংবাদিক পদ্মশ্ৰী ৰাম বাহাদুৰ ৰায়, ৰাষ্ট্ৰীয় সেৱা ভাৰতীৰ অধ্যক্ষ পান্নালাল ভাঞ্চালী, আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক গুণৱন্ত কোথাৰী, সন্ত ঈশ্বৰ ফাউণ্ডেচনৰ ট্ৰাষ্টী কপিল খান্নাসহ কেইবাজনো বিশিষ্ট নাগৰিকেৰে গঠিত বাছনি সমিতিয়ে সন্মানিত হ’বলগীয়া সংগঠন-ব্যক্তিক বাছনি কৰিছে। তেওঁলোকে চাৰিটা বিশেষ শিতানত সংগঠন আৰু ব্যক্তিসকলক সন্মনিত কৰিব।

5 views0 comments