ধৰ্মান্তৰকাৰীক মোহন ভাগৱতৰ সকীয়নি- কেনেদৰে থাকিব লাগে, তেওঁলোকক শিকোৱা উচিত





'আমি কোনো লোকক ধৰ্মান্তৰকৰণৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক কেনেদৰে থাকিব লাগে, সেইটো শিকোৱা উচিত।'- এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভগৱতৰ। ইয়াৰ দ্বাৰা তেওঁ ভাৰতবৰ্ষত ধৰ্মান্তকৰণৰ অপকৰ্ম চলাই থকাসকলক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে।



মোহন ভাগৱতে শুকুৰবাৰে ছত্তিশগড়ত আয়োজিত এখন এই তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে। সভাখনত হিন্দু ধৰ্ম মহিমা আৰু তাৎপৰ্য ব্যাখ্যা কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে আমাৰ সম্প্ৰদায়ে মানুহৰ জীৱন ধাৰণ প্ৰণালী, উপাসনা প্ৰণালীৰ কোনোধৰণৰ সলনি নোহোৱাকৈ সদায় ভাল মানুহ সৃষ্টি কৰি আহিছে।



আনহাতে, সম্প্ৰসাৰণবাদী ধৰ্মাৱলম্বীসকলক তেওঁ ভাষণৰ জৰিয়তে সকীয়নি দি কয়- কোনো লোকে ভাৰতৰ এই প্ৰাচীন পৰম্পৰা সলনি কৰিবলৈ চেষ্টা কৰিলে ভাৰতৰ জীৱন ধাৰণ প্ৰাণালী আৰু সভ্যতাই তেনেধৰণৰ প্ৰচেষ্টাক ব্যৰ্থ কৰিব।



উল্লেখ্য যে আৰএছএছৰ মুৰব্বীজন বৰ্তমান ছত্তিশগড়ত আছে। ৰাজ্যখনত তেওঁ আৰএছএছৰ কেইবাটাও অনুষ্ঠানত ভাগ ল'ব।

6 views0 comments