নৰহত্যাৰ অভিযোগত বন্দী বান্দৰ






নৰহত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বান্দৰ। সম্প্ৰতি বান্দৰটো পিঞ্জৰাত বন্দী। হত্যাকাণ্ডটোৰ পিছত বান্দৰটোক ট্ৰেংকুইলাজড কৰি বন্দী কৰা হয়।

ঘটনাটো পশ্চিমবংগৰ বাঁকুৰাৰ। বাঁকুৰাৰ গংগাজলহাটীৰ কানাইলাল কুণ্ডু নামৰ েজয় যুৱকক হত্যাৰ অবিযোগত বন্দী কৰা হৈছে এটা প্ৰকাণ্ড বান্দৰক।

জানিব পৰা মতে, দুটা বান্দৰৰ মাজত সংঘটিত কাজিয়াৰ মাজত সোমাইছিল যুৱকজন। আচলতে দুয়োৰে মাজৰ কাজিয়া ভাঙিবলৈ গৈছিল কানাইলালে। তাতে ক্ষুব্ধ এটা বান্দৰে কানাইলালৰ ওপৰত জঁপিয়াই পৰে। বন বিভাগৰ জিম্মাত থকা বান্দৰটোৰ স্বাস্থ্য পৰীক্ষাৰ দিহা কৰিছে বিভাগটোৱে। বন্দী বান্দৰটোক কেতিয়া মুকলি কৰি দিয়া হ’ব, সেই সন্দৰ্বত বন বিভাগে অদ্যাপি কোনো কথা প্ৰকাশ কৰা নাই।

ঘটনাটো বৃহস্পতিবাৰৰ। বাঁকুৰাৰ গংগাজলঘাটি ব্লকৰ লালপুৰ গাঁৱত বিগত কেইবাদিন ধৰি বান্দৰটোৱে উপদ্ৰৱ চলাই আহিছিল। বন্দৰটোৱে গঞাৰ ঘৰে ঘৰে প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী খোৱাৰ লগতে কেইবাজনো লোকক আক্ৰমণ কৰি আহত কৰিছিল।গঞাৰ সম্পত্তি লণ্ডভণ্ড কৰাটো বান্দৰটোৰ নিত্য নৈমিত্তিক কামত পৰিণত হৈছিল। বৃহস্পতিবাৰে পুৱাও গাঁওখনত প্ৰৱেশ কৰে বান্দৰ নামৰ বিভীষিকা। গাঁওখনত বান্দৰটোৰ সৈতে আন এটা বান্দৰৰ প্ৰচণ্ড কাজিয়া হয়। দুয়োটা বান্দৰক খেদিন পঠিওৱাৰ বাবে কানাইলাল আগুৱাই গৈছিল। তাতে ক্ষুব্ধ বান্দৰটোৱে কানাইলালাৰ ওপৰত জঁপিয়াই পৰে। বান্দৰটোৱে কানাইলালক চৰ-ভুকু আদিৰে উপৰ্যুপৰি আক্ৰমণ কৰে। স্থানীয় ৰাইজে কানাইলালক কোনোমতে বান্দৰটোৰ হাতৰ পৰা উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ লগে লগে সমগ্ৰ গাঁওখনত তীব্ৰ ুত্তজেনাৰ সৃষ্টি হয়। স্থানীয় ৰাইজ বন বিভাগৰ ওপৰত ক্ষোভ জাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাৰ বাতৰি পাই বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ বান্দৰটোক ট্ৰেংকুইলাইজ কৰে। বৰ্তমান নৰহত্যাকাৰী বান্দৰটো বন বিভাগৰ পিঞ্জৰাত বন্দী।

5 views0 comments