দেশত বিতৰণ কৰা হৈছে ৩৬.৭৮ কোটিতকৈও অধিক LED বাল্ব, কাৰ্বণ নিৰ্গমনৰ ওপৰত পৰিছে প্ৰভাৱ





২০১৪ চনত আৰম্ভ কৰা উজালা আঁচনিৰ অধীনত দেশত ৩৬.৭৮ কোটিতকৈও অধিক LED বাল্ব বিতৰণ কৰা হৈছে। এই কথা সংসদত জানিবলৈ দিছে চৰকাৰে।উল্লেখযোগ্য যে, এই LED বাল্ব বিতৰণৰ ফলত বছৰি প্ৰায় ৩৮.৬৯ নিযুত টন CO2 নিৰ্গমন হ্ৰাস পাইছে।


ৰাজ্যসভাৰ এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে কয় যে, "শক্তি দক্ষতা সেৱা লিমিটেডৰ দ্বাৰা ৰূপায়ণ কৰা সকলোৰে বাবে সুলভ LED কাৰ্যসূচীৰ দ্বাৰা উজালা আঁচনিৰ অধীনত, ২০১৪ চনত LED বাল্ব প্ৰতি ৭ ডব্লিউ বাল্বত ৩৪০ টকাত বিক্ৰী কৰা হৈছিল। EESL ৰ দ্বাৰা বিক্ৰী কৰা এই LED বাল্বৰ বৰ্তমান মূল্য প্ৰতি ৯ ডব্লিউ বাল্বত ৭০ টকা। বৰ্তমানৰ খুচুৰা বজাৰৰ মূল্য হৈছে প্ৰতি ৯ ডব্লিউ বাল্বত প্ৰায় ৮০ ৰ পৰা ১০০ টকা"।


মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত ক্ৰয় কৰা বাল্বৰ সংখ্যাৰ বিৱৰণ EESL ৰ দ্বাৰা লিপিবদ্ধ কৰা হোৱা নাই। অৱশ্যে, ইলেক্ট্ৰিক লেম্প এণ্ড কম্পোনেন্ট মেনুফেকচাৰ এছ'চিয়েচনৰ অনুসৰি, ব্যক্তিগত খণ্ডৰ দ্বাৰা গ্ৰাহকসকলক ১৬০ কোটিতকৈও অধিক LED বাল্ব বিক্ৰী কৰা হৈছে ।


EESL ৰ দ্বাৰা ৩৬.৭৮ কোটি LED বাল্ব বিতৰণ কৰাৰ ফলত বছৰি প্ৰায় ৩৮.৬৯ নিযুত টন CO2 নিৰ্গমন হ্ৰাস পাইছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

5 views0 comments